নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্রতিৰোধৰ বাবে সষ্টম পৃথিৱী

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ বিশ্ব স্বাস্থ্য সংস্থা(হু)ই কালি মাৰাত্মক ক’ৰোনা ভাইৰাছে সমগ্র পৃথিৱীত যাতে মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে সেই বিষয়টোৰ ওপৰত সকলো দেশকে গুৰুত্ব প্রদান কৰি যাৱতীয় ব্যৱস্থা গ্রহণৰ আহ্বান জনোৱাৰ পিছতে কেইবাখনো দেশে এই ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ বাবে যুদ্ধকালীন তৎপৰতা গ্রহণ কৰিছে৷ উল্লেখনীয় যে দক্ষিণ কোৰিয়াত প্রায় ৯০০ লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে৷ বিশ্বজুৰি ৮০ হাজাৰতকৈ অধিক লোকক এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমণৰ পিছতে চিকিৎসা প্রদান কৰি থকা হৈছে৷ শেহতীয়াকৈ দক্ষিণ কোৰিয়া, ইটালী, আমেৰিকাকে ধৰি কেইবাখনো দেশে ক’ৰোনাৰ মোকাবিলাৰ বাবে গ্রহণ কৰিছে নতুন নীতি৷

You might also like