ৰঙিয়াত বহিঃৰাজ্যৰ ২১ খন গৰুভর্তি ট্রাক জব্দ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ অসমৰ মাজেৰে চলি থকা পশুধনৰ বৃহৎ চোৰাং ব্যৱসায় কালি পুৱতিনিশা আকৌ এবাৰ উন্মোচিত হৈ পৰিল । ৰাজনৈতিক পৃষ্ঠপোষকতাত বিগত প্ৰায় এমাহ ধৰি ট্ৰাকে ট্ৰাকে চোৰাং গৰু বাংলাদেশলৈ চালান দি থকাৰ বাতৰি নিয়মীয়া বাৰ্তাত প্ৰকাশ পাই আহিছিল যদিও চৰকাৰ-প্ৰশাসনে কৌশলেৰে গো-মাতাৰ ছিণ্ডিকেটৰ তথ্য গাপ দি ৰাখিছিল৷ কিন্তু অসমৰ আৰক্ষী–প্রশাসনৰ নির্লিপ্ততাৰ বিপৰীতে ৰঙিয়াত পুৱতিনিশা সশস্ত্র সীমা বলে জব্দ কৰিলে ২১খনকৈ গৰুভর্তি ট্রাক৷ এই ট্রাককেইখনত আছিল মুঠ ৭৫০টা গৰু৷ আটাইকেইটা গৰু নিয়া হৈছিল মেঘালয়ৰ ন–মাইল বজাৰলৈ৷ তাৰ পৰাই প্রতিদিনে বাংলাদেশলৈ অবৈধভাৱে সৰবৰাহ কৰা হয় শ শ পশুধন৷
উল্লেখ্য যে বৰপেটাৰ জনৈক মোজাম্মিল নামৰ এজন কংগ্রেছী নেতাৰ নেতৃত্বত যোৱা এমাহ ধৰি প্রতিনিশাই অবাধে বাংলাদেশলৈ গো–মাতাৰ চালান চলি আছে৷ একো একোটা নিশাত ৭০খনপর্যন্ত ট্রাকত কেইবাশ গৰুৰ অবৈধ সৰবৰাহ হয়৷ কিন্তু অতি ৰহস্যজনক কাৰণত আৰক্ষীয়ে গৰু কঢ়িয়াই অনা ট্রাকৰ পথ সুচলহে কৰি দিয়ে৷ তাৰ মাজতে আজি পুৱতিনিশা গোপন খবৰৰ ভিত্তিত সশস্ত্র সীমা বলৰ ২৪নং বেটেলিয়নৰ এটা দলে ৰঙিয়াৰ মাজেৰে যোৱা মৰাণজানাত ২১খন গৰুভর্তি ট্রাক জব্দ কৰে৷ সম্পূর্ণ অবৈধভাৱে সৰবৰাহ কৰা গৰুৰ ট্রাককেইখনৰ লগতে ১২জন চালক আৰু ১৩জন শ্রমিককো আটক কৰে৷ এছএছবি সূত্রৰ খবৰ অনুসৰি, তেওঁলোকে কালি নিশা ২৯খন ট্রাকত প্রায় ৯০০ গৰু পশ্চিমবংগৰ পৰা আহি থকাৰ খবৰ লাভ কৰিছিল৷ এই খবৰৰ ভিত্তিতে চোৰাং গৰু কঢ়িয়াই অনা ট্রাককেইখন জব্দ কৰিবলৈ সষ্টম হৈ ৰৈছিল৷ প্রথম কেইখনমান দ্রুতবেগী ট্রাকে এছএছবি জোৱানক খুন্দিয়াই পলাই যাবলৈ চেষ্টা কৰিছিল৷ অৱশ্যে এছএছবি জোৱানকেইজনে মৰাণজানাত ৮খন গৰুভর্তি ট্রাক জব্দ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত এছএছবিৰ ২৪নং বেটেলিয়নৰ জোৱানসকলে উদিয়ানা, ভাতকুছি, বালাগাঁও আদিত অভিযান চলাই পুৱাপর্যন্ত আন ১৩খন ট্রাক জব্দ কৰে৷ পুৱতিনিশাৰ পৰা জব্দ হোৱা মুঠ ২১খন ট্রাকত আছিল মুঠ ৭৫০টা গৰু৷ ইফালে, আটকাধীন চালক–হেণ্ডিমেনকেইজ্ জনোৱা মতে, আটাইকেইখন ট্রাক ন–মাইল বজাৰ অভিমুখে গৈ আছিল আৰু তাৰ পৰাই বাংলাদেশলৈ গো–ধন চালান দিয়া হয়৷ এইদৰে চোৰাং গৰু সৰবৰাহ কৰা একোখন ট্রাকত চালকে দুহেজাৰ আৰু হেণ্ডিমেনে এহেজাৰ টকাকৈ লাভ কৰে৷ তেওঁলোকে মোজাম্মিল নামৰ এজন ব্যক্তিৰ নেতৃত্বত পশুধনৰ কাৰবাৰ চলি থকা বুলি স্বীকাৰোক্তি দিয়ে৷ উল্লেখ্য যে এইজন মোজাম্মিল নামৰ কংগ্রেছী নেতাৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাৰ থানাই থানাই ৰুজু হৈ আছে বিভিন্ন গোচৰ৷ অথচ ক’লা ব্যৱসায়ৰ জৰিয়তে উপার্জন কৰা সীমাহীন ধনৰ বলতে তেওঁ মুকলি আকাশৰ তলত নির্বিঘ্ণে ঘূৰি ফুৰে৷ শেহতীয়াকৈ এক ধর্ষণৰ গোচৰতো মোজাম্মিল নামৰ ব্যক্তিজনক কামৰূপ আৰক্ষীয়ে কাজিৰঙাৰ এখন ৰিজ’টৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ কিন্তু অদৃশ্য শক্তিৰ প্রভাৱত নিশাই তেওঁক মুকলি কৰি দিয়া হয়৷ তাৰ পাছৰে পৰা তেওঁ পূর্ণোদ্যমে নামি পৰে গৰুৰ চোৰাং ব্যৱসায়ত৷ নিশাৰ আন্ধাৰত মসৃণ গতিত চলি থকা এই ব্যৱসায় যে আৰক্ষীৰ সহযোগত চলি আছিল, সেয়া কালি পুনৰ স্পষ্ট হৈ পৰিল৷ জানিব পৰা মতে, গৰুৰ চোৰাং ব্যৱসায়ত মোজাম্মিলক পৃষ্ঠপোষকতা কৰি আহিছে উজনি অসমৰ দুজন শাসকীয় দলৰ বিধায়কে৷ যাৰ বাবে কোনো দল–সংগঠনে গৰুভর্তি ট্রাক জব্দ কৰিলেও নিশাটোৰ ভিতৰতে মোকলাই দিয়ে আৰক্ষীয়ে৷ এতিয়া অসমৰ আৰক্ষী–প্রশাসনৰ নাকত চূণ দি এছএছবিয়ে নিশাৰ ভিতৰতে ৭৫০টা গৰু জব্দ কৰা ঘটনাই ৰাজ্যত চলি থকা বৃহৎ গৰুৰ ছিণ্ডিকেটক আকৌ এবাৰ উদঙাই দিলে৷ ইপিনে, ট্রাকত তির্পালেৰে কটকটীয়াকৈ মেৰিয়াই অনা বাবে ১০টা গৰু অসুস্থ হৈ মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে৷ বাকী গৰুসমূহ স্থানীয় বজৰং দল আৰু প্রকৃতিপ্রেমী সংস্থা ‘নাডো’ৱে চোৱাচিতা কৰিব বুলি জানিবলৈ দিছে৷ কিন্তু গুৰুত্বপূর্ণ প্রশ্ণটো হৈছে– অসমৰ মাজেৰে চলি থকা গো–মাতাৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন কি কাৰণে বাৰে বাৰে থমকি ৰৈছে?