নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে সলনি হ’ব উঃ মাঃৰ পাঠ্যক্রম, বৃত্তিগত বিষয় বৃদ্ধি

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ শিক্ষা বিভাগত আমূল পৰিৱর্তন সাধনৰ উদ্দেশ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে গ্রহণ কৰিছে আন এক ব্যতিক্রমী পদক্ষেপ৷ ২০১০ বর্ষৰ পিছত প্রথমবাৰলৈ সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্রম৷ যাৰ বাবে ইতিমধ্যে অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদে আৰম্ভ কৰিছে যাৱতীয় প্রস্তুতি৷ চলিত বর্ষত অথবা আগন্তুক ২০২১ বর্ষৰ ভিতৰত শিক্ষা সংসদে সলনি কৰিব উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্রম৷ ইয়াকে লৈ মার্চ মাহত গঠন কৰা    হ’ব এখন বিশেষ কমিটী৷ শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই আৰু সচিব মনোৰঞ্জন কাকতিক লৈ গঠন হ’ব এই পাঁচজনীয়া কমিটী৷ উল্লেখ্য যে এই কমিটীখনৰ সদস্যসকলে চোৱা–চিতা কৰিব উচ্চতৰ মাধ্যমিকত কি কি পাঠ্যক্রম সলনি কৰিব আৰু কি কি নতুনকৈ অন্তর্ভুক্ত কৰিব৷ পাঠ্যক্রম সলনি কৰা সম্পর্কত সচিব মনোৰঞ্জন কাকতিয়ে এই সম্পর্কত কয় যে এই বছৰ পাঠ্যক্রম সলনি কৰাৰ বাবে কিছু অসুবিধা হ’ব পাৰে, কিন্তু অহা বছৰ পাঠ্যক্রম সলনি কৰাটো নিশ্চিত৷’ ইফালে ৰাজ্যত বৃত্তিগত শাখাত ক্রমান্বয়ে ছাত্র–ছাত্রী হ্রাস পোৱাৰ বাবে শিক্ষা সংসদে গ্রহণ কৰিছে আন এক পদক্ষেপ৷বর্তমানৰ ১৫টা বিষয়ৰ পৰিৱর্তে ২৫টালৈ বৃদ্ধি  কৰা হৈছে বৃত্তিগত বিষয়৷ লক্ষণীয় যে চলিত বর্ষৰ পৰাই ছাত্র–ছাত্রীসকলে ল’ব পাৰিব এই নতুন বিষয়সমূহ৷ উল্লেখ্য যে ২০১৯–২০ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ চূডান্ত বর্ষৰ পৰীক্ষাৰ বৃত্তিমুখী শাখাত অৱতীর্ণ হৈছে মাত্র ৮৬৮জন৷ ইয়াৰ পূর্বে ২০১৮–১৯ বর্ষত ছাত্র–ছাত্রীৰ সংখ্যা আছিল ৯১০ গৰাকী৷

You might also like