নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএলৰ সভাপতি হিচাপে মনোনীত প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ এবছুৰ সদ্যপদত্যাগী সভাপতি প্ৰমোদ বড়োক ইউ পি পি এলৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে । বিজনীত অনুষ্ঠিত ৰাজনৈতিক দলটোৰ অধিৱেশনত প্রমোদ বড়োক দলটোৱে কার্যকৰী সভাপতি হিচাপে মনোনীত কৰিছিল৷

মঙলবাৰে বাগ্সাৰ বাগানপাৰাত দলটোৰ সাধাৰণ সভাত প্রমোদ বডোক আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব অর্পণ কৰে৷ ইউ পি পি এলৰ সভাপতি ইউ জি ব্রহ্মৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত প্রমোদ বড়োক সভাপতি মনোনীত কৰা হয়৷

ইউ পি পি এল দলৰ বিদায়ী সভাপতি ইউ জি ব্রহ্মই শাৰীৰিক অসুস্থতাৰ বাবে সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি লোৱা বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে ইউ পি পি এলক নতুন ৰূপ দিয়াৰ বাবে প্রমোদ বডোক দলটোৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে৷ প্রমোদ বড়োক সাধাৰণ সভাৰ সিদ্ধান্তমর্মে সভাপতিৰ দায়িত্ব দিয়া হৈছে৷ এইক্ষেত্রত মোৰ লগত কোনো বিবাদ নাই৷ এজন চুক্তি স্বাক্ষৰকাৰী হিচাপে প্রমোদ বড়োৱে এতিয়া চৰকাৰৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰিব৷

তেওঁ কয়– ‘মূল কথা হৈছে বিটিচি নির্বাচনত দলটো জয়ী হ’ব লাগে৷ কাৰণ ইউ পি পি এল জয়ী হ’লেহে চুক্তিখন ৰূপায়ণ হ’ব৷’ বিদায়ী সভাপতি ইউ জি ব্রহ্মই কয় যে বিটিচি নির্বাচনত মিত্রতাৰ বাবে বিজেপিৰ সৈতে যোগাযোগ কৰা হৈছে৷ কিয়নো বিটিআৰ চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্রত বিজেপিৰ ভূমিকা আছে৷ ঠিক তেনেদৰে বিটিআৰ চুক্তিৰ প্রতিটো দফা ৰূপায়ণৰ ক্ষেত্রতো বিজেপিৰ নৈতিক দায়িত্ব আছে৷ সেয়ে বিজেপি আগবাঢ়ি আহি বিটিচিত চৰকাৰ গঠন কৰিব লাগে৷ আনহাতে এইবাৰ বিটিচিৰ ৰাইজে দুর্নীতিগ্রস্ত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক ক্ষমতাৰ পৰা আঁতৰাব বুলিও কয় ইউ জি ব্রহ্মই৷ ইপিনে, সভাপতিৰ পদ গ্রহণ কৰি প্রমোদ বডোৱে বিটিআৰ চুক্তিৰ প্রতিটো দফা সঠিকভাৱে ৰূপায়ণ কৰাৰ আহ্বান দিয়ে৷ তেওঁ কয় যে ৰাজনীতি তেওঁৰ নিচা বা পেছা নহয়৷ মাত্র এটা পৰিচয়হে৷ তেওঁ সমাজৰ পৰা দুর্নীতি আঁতৰাই এখন সুস্থ সমাজ গঢ়াৰ বাবেহে কাম কৰিব৷ প্রমোদ বডোৱে কয়, ‘আজি ৰাজনৈতিক নেতাসকলৰ প্রতি মানুহৰ বিশ্বাস কমিছে৷ কাৰণ সমাজৰ ভাল কাম কৰা মানুহ নোহোৱা হৈছে৷ সেয়ে বিটিআৰৰ সকলো জাতি–জনগোষ্ঠীৰ বিশ্বাস আৰু মৰমক লৈ ৰাজনীতিলৈ আহিছোঁ৷ এই অঞ্চলৰ সমস্যাসমূহ সমাধানৰ স্বার্থত ইউ পি পি এলত যোগদান কৰিছেছা৷ সামাজিক দায়িত্ব থকাৰ বাবেই ৰাজনীতিলৈ আহিেঁছা৷ এজন সামাজিক ব্যক্তি হিচাপে কাম কৰি যাম৷ ইউ পি পি এল দলে যি দায়িত্ব দিলে সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিম৷’ আজিৰ সাধাৰণ সভাত আগন্তুক বিটিচি নির্বাচনৰ বাবে এখন নির্বাচনী সমিতিও গঠন কৰে ইউ পি পি এলে৷ কলাইগাঁৱৰ প্রাক্তন এম এল এ নাথুৰাম বডোক সভাপতি আৰু কোকৰাঝাৰৰ চিন্ময় দে’ক সচিব হিচাপে লৈ গঠন কৰা হয় নির্বাচনী সমিতিখন৷ লগতে ৰণগৌৰা নার্জাৰী, প্রতিভা ব্রহ্ম আৰু ৰাজু নার্জাৰীক লৈ এখন কর্ণধাৰ সমিতিও গঠন কৰা হয়৷ দলটোৱে অহা সাত দিনৰ ভিতৰত জিলা, ব্লক সমিতিসমূহো গঠন কৰিব বুলি সিদ্ধান্ত গ্রহণ কৰে৷ আজিৰ সভাত ৰণগৌৰা নার্জাৰী, অনিপ বসুমতাৰী, দলটোৰ সম্পাদক মাওথী ব্রহ্ম হাজোৱাৰীকে ধৰি বিটিচিৰ প্রতিখন জিলাৰে সদস্য উপস্থিত আছিল৷

You might also like