নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰামীণ জীৱিকা সখীৰ লিখিত পৰীক্ষাৰ ফলাফলত বিসংগতি

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : ৰাজ্যিক গ্ৰামীণ জীৱিকা সখী পদৰ লিখিত পৰীক্ষাৰ ফলাফলৰ তালিকাত ব্যাপক খেলিমেলি পোহৰলৈ আহিছে | চি আৰ পি-ই পিৰ লিখিত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ দাখিল কৰিছে একাংশই। খণ্ড প্ৰকল্প বিষয়াক জবাবদিহি কৰাতহে শুদ্ধ কৰা হয় ফলাফলৰ প্ৰাৰ্থী তালিকা | জানিব পৰা মতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কামৰূপৰ ছমৰীয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটসমূহৰ চি আৰ পি-ই পিৰ চাৰিটা পদৰ বাবে যোৱা ১২ ফেব্ৰুৱাৰীত সংশ্লিষ্ট কাৰ্যালয়ত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা | উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৫১গৰাকীকৈ পৰীক্ষাৰ্থী। ইয়াৰে ১৩গৰাকী উত্তীৰ্ণ হয় যদিও ১৩গৰাকীৰ ভিতৰত নম্বৰ আৰু মেধাৰ ভিত্তিত বাছনি কৰা হ’ব ৪ গৰাকী প্ৰাৰ্থীক | পিছে ১৩গৰাকী উত্তীৰ্ণ হোৱা চূড়ান্ত তালিকাখনত যথেষ্ট বিসংগতি হোৱা বুলি অভিযোগ কৰে একাংশই। ১৩জনীয়া প্ৰাৰ্থীৰ চূড়ান্ত তালিকাখনত একে নামৰ প্ৰাৰ্থী দুগৰাকীৰ নাম এছএইচজি ক’ড চিএফএল নং আদিৰ হুৱহু মিল আছে । চূড়ান্ত ফলাফলৰ তালিকা প্ৰকাশৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ খেলিমেলিৰ তথ্য। সংশ্লিষ্ট কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা আৰু অমনোযোগিতাৰ বাবেই উক্ত পৰীক্ষাত বিভিন্ন ধৰণৰ খেলিমেলিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ তাকে লৈ নগৰবেৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় | সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি একাংশ পৰীক্ষাৰ্থীয়ে জবাবদিহি কৰে বি পি এম অ’ক। এই খেলিমেলিৰ তদন্তসাপেক্ষে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিযোগকাৰীয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like