নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ ১৭ দিনীয়া সূচী ঘোষণা : উদ্বোধনী মেচত চিএছকে–আৰচিবি

🔹 গুৱাহাটীত নাই কোনো মেচ

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : ঘোষণা কৰা হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সপ্তদশ সংস্কৰণৰ আংশিক সময়সূচী৷ লোকসভা নির্বাচনৰ বাবে বৃহস্পতিবাৰে ঘোষণা কৰা হয় আইপিএলৰ প্রথম ১৭দিনীয়া সূচী৷ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ বাকী সময়সূচী নির্বাচনৰ দিন ঠিক হোৱাৰ পিছত ঘোষণা কৰা হ’ব৷ ঠিক এমাহৰ পিছত ২২ মার্চৰ পৰা আৰম্ভ হ’ব আইপিএল৷ ৭ এপ্রিললৈ ঘোষণা কৰা হৈছে প্রতিযোগিতাখনৰ সময়সূচী৷ বিশ্বৰ অন্যতম জনপ্রিয় প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে৷ চেন্নাইৰ চিপক ষ্টেডিয়ামত উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব৷ ইফালে, ঘোষণা কৰা ১৭দিনীয়া সময়সূচীৰ চাৰি দিন ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব৷ প্রতি শনি আৰু দেওবাৰে দুখনকৈ মেচ অনুষ্ঠিত হ’ব৷ বিয়লিৰ মেচ ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ বিপৰীতে নিশাৰ মেচসমূহ ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ ইফালে, ঘোষণা কৰা আইপিএলৰ আংশিক সময়সূচীৰ মেচ আয়োজনৰ পৰা বঞ্চিত হৈছে গুৱাহাটী৷ বিগত বর্ষত গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত দুখনকৈ অনুষ্ঠিত হৈছিল যদিও কালি আংশিক ঘোষণা কৰা ২১খন মেচৰ এখনো মেচ আয়োজন কৰাৰ পৰা বঞ্চিত হয় গুৱাহাটী৷ অৱশ্যে প্রতিযোগিতাখনৰ পৰৱর্তী মেচৰ বাবে ঘোষণা কৰিবলগীয়া সময়সূচীত গুৱাহাটীয়ে স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে প্রথম অৱস্থাত চেন্নাই, ম’হালি, কলকাতা, জয়পুৰ, আহমেদাবাদ, বেংগালুৰু, হায়দৰাবাদ, লক্ষ্ণৌ, বিশাখাপট্টনম আৰু মুম্বাইত আইপিএলৰ মেচসমূহ অনুষ্ঠিত হ’ব৷

You might also like