নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দদৰাত সমাজকৰ্মী গণেশ্বৰ মেধি সোঁৱৰণী তোৰণ উন্মোচন

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : ১৯৫৪ চনত স্থাপিত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এই বছৰ মাৰ্চ মাহত সত্তৰ বছৰ পূৰ্ণ কৰাৰ প্ৰাকক্ষণত দদৰাৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত গণেশ্বৰ মেধিৰ পৰিয়ালে বিদ্যালয়খনলৈ আজি এক অনবদ্য উপহাৰ দিয়ে। প্ৰায় সাত লাখ টকা ব্যয়সাপেক্ষে প্ৰয়াত গণেশ্বৰ মেধিৰ সোঁৱৰণত পৰিয়ালে নিৰ্মাণ কৰা সমাজকৰ্মী প্ৰয়াত গণেশ্বৰ মেধি সোঁৱৰণী তোৰণখন আজি উন্মোচন কৰে প্ৰয়াত গণেশ্বৰ মেধিৰ সহধৰ্মিণী প্ৰেমলতা মেধিয়ে। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত সভাপতিত্ব কৰে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধৱ চন্দ্ৰ পাঠকে। সভাত ভাষণ দি তোৰণখনৰ উন্মোচক প্ৰেমলতা মেধিয়ে সকলোকে সমাজৰ অহিতৰ বাবে নহয়, হিতৰ বাবেহে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। তেওঁৰ পৰিয়ালক এই তোৰণখন নিৰ্মাণ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই সুযোগ দিয়া বাবে অতিশয় সন্তোষ পোৱা বুলি কয়। তেওঁ বিদ্যালয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তোৰণ দাতা পৰিয়ালৰ হৈ ভাষণ দি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মধুসূদন মেধিয়ে কয় যে তেওঁৰ ককাক প্ৰয়াত হৰেশ্বৰ মেধি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী ভূমিদাতা হোৱাৰ উপৰি বিদ্যালয়খনলৈ সৰ্বাধিক পৰিমাণৰ ভূমিদাতা। তেওঁ বিদ্যালয়লৈ ভূমিদান দিয়া আন ভূমিদাতাসকলকো শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ আৰু কয় যে ভালেমান ভূমিদাতাই ভূমিৰ বিনিময়ত বিদ্যালয়ত সংস্থাপন লৈছে যদিও মেধি পৰিয়ালে ভূমিদানৰ বিনিময়ত কোনো সংস্থাপন লোৱা নাই। তেওঁ বিদ্যালয়খনৰ বাবে নি:স্বাৰ্থভাৱে কৰা সেৱাৰ ভালেমান দিশ সভাত আলোকপাত কৰে। সভাখনত ভাষণ দি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে সমাজৰ কাৰণে ত্যাগ কৰিব পৰাজনহে প্ৰকৃত সুখী, সমাজৰ পৰা লোৱাজন স্বাৰ্থপৰ। দদৰাৰ প্ৰয়াত গণেশ্বৰ মেধিৰ পৰিয়ালে সম্পূৰ্ণ ত্যাগৰ মনোভাবেৰে বিদ্যালয়খনলৈ দিয়া এই উপহাৰে সমাজৰ আনসকলকো সমাজৰ হকে সেৱা কৰিবলৈ অনুপ্ৰেৰণা যোগাব বুলি তেওঁ কয়। তেওঁ ভাষণত নিজে বিদ্যালয়খনৰ অধ্যক্ষ হৈ থকা কালত প্ৰয়াত গণেশ্বৰ মেধিৰ পুত্ৰ তথা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মধুসূদন মেধিয়ে বিদ্যালয়খনক এখন জাকতজিলিকা বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ লোৱা পদক্ষেপসমূহৰ কথাও সমাজক অৱগত কৰে। সভাত ভাষণ দি দদৰা গাঁৱৰ গাঁওপ্ৰধান চন্দ্ৰধৰ দাসে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মধুসূদন মেধিয়ে বিদ্যালয়খনক আগবঢ়াই নিবলৈ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। সভাত প্ৰয়াত হৰেশ্বৰ মেধিৰ পৰিয়ালবৰ্গক দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি যোগেন্দ্ৰ ঠাকুৰীয়া, সমাজকৰ্মী প্ৰদীপ ডেকা, চিকিৎসক ডা: আব্দুল চৌধুৰী, শৰাইঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তিলক চন্দ্ৰ গোস্বামী, সমাজকৰ্মী ধীৰেন চন্দ্ৰ বৈশ্য প্ৰমুখ্যে সমাজৰ ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে। দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নুৰুল ইছলামে আঁত ধৰা উক্ত সভাত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শৰৎ চন্দ্ৰ কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু তোৰণ দাতা পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। সভাপতিৰ ভাষণ দি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধৱ চন্দ্ৰ পাঠকে কয় যে প্ৰয়াত হৰেশ্বৰ মেধিৰ পৰিয়ালৰ বিদ্যালয়খনৰ প্ৰতি থকা অৱদানৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। মেধি পৰিয়ালে আগবঢ়োৱা এই তোৰণে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ধন্য কৰিলে বুলি তেওঁ মন্তব্য কৰে।

You might also like