১৬ বছৰীয়া যুৱতীৰ চমক; ১০ টা উইকেট দখলেৰে কৰিলে অভিলেখ
নিয়মীয়া বার্তা, ২৬ ফেব্রুৱাৰীঃ চণ্ডীগড়ৰ এগৰাকী ১৬ বছৰীয়া যুৱতী তথা চণ্ডীগড়ৰ অনুৰ্ধ ১৯ মহিলা ক্ৰিকেট দলৰ অধিনায়ক কাশৱী গৌতমে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
মঙলবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে চণ্ডীগড়ে খেলা এখন খেলত কাশৱীয়ে ১০ টা উইকেট দখল কৰি এখন খেলত ১০ টা উইকেট দখল কৰা প্ৰথম মহিলা ক্ৰিকেটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰে ।
উল্লেখ্য যে খেলখনত কাশৱীয়ে মাত্ৰ ১২ ৰান দি আটাইকেইটা উইকেট দখল কৰে । যাৰ ভিতৰত তেওঁ এটা হেটট্ৰিকো অৰ্জন কৰে । যাৰ ফলত চণ্ডীগড়ে অৰুণাচল দলটোক ১৬১ ৰানৰ বৃহৎ ব্যৱধানত জয় সাব্যস্ত কৰে ।
ইপিনে কাশৱীৰ এই অভিলেখক উচ্চ প্ৰশংসা কৰিছে আই চি চি য়ে ।
Chandigarh’s Kashvee Gautam, 16, bowled some fiery inswingers and returned unbelievable figures of 10/12 to bowl Arunachal Pradesh out for 25 in the Women’s U19 One Day Trophy.
What talent! How long until we see her in #TeamIndia colours? ?pic.twitter.com/wp0d1ADShW
— ICC (@ICC) February 26, 2020