🔹 মোদী চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বার্তা
বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : চৰকাৰে চকু মুদি বহি আছে ! যোগগুৰু ৰামদেৱৰ পতঞ্জলি আয়ুর্বেদ সংস্থাৰ ‘বিভ্রান্তিকৰ আৰু ভুৱা’ বিজ্ঞাপনী গোচৰত কেন্দ্রক নিন্দা কৰি এই মন্তব্য আগবঢ়ালে উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ সমান্তৰালকৈ বৈদ্যুতিন মাধ্যম আৰু সংবাদ পত্রত পতঞ্জলিৰ ঔষধৰ বিভ্রান্তিকৰ বিজ্ঞাপন শীঘ্রে বন্ধ কৰাৰো নির্দেশ দিলে শীর্ষ আদালতখনে৷ যোৱা বছৰৰ নৱেম্বৰ মাহত পতঞ্জলিক বিভিন্ন ৰোগৰ প্রতিকাৰ হিচাপে নিজৰ ঔষধ সন্দর্ভত বিভ্রান্তিকৰ আৰু ভুৱা বিজ্ঞাপন প্রচাৰ কৰাৰ বিষয়টোক লৈ সতর্কবাণী কৰিছিল উচ্চতম ন্যায়ালয়ে৷ আনকি, পতঞ্জলিয়ে জৰিমনা আদায় দিবলগীয়া হ’ব পাৰে বুলিও শীর্ষ আদালতখনৰ পৰা কঠোৰ বার্তা দিয়া হৈছিল৷ সেই একেটা গোচৰত এইবাৰ কেন্দ্রীয় চৰকাৰক নিন্দা কৰিলে উচ্চতম ন্যায়ালয়ে৷ ৰামদেৱৰ পতঞ্জলিয়ে ভুৱা প্রচাৰ চলাই থকা সত্ত্বেও কেন্দ্রীয় চৰকাৰ কিয় নীৰৱ, তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰিলে শীর্ষ আদালতে৷