আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত মিচেল অ’বামা ডেম’ক্রেটৰ পছন্দৰ প্রার্থী
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রাইমাৰীসমূহৰ নির্বাচন চলি আছে৷ ইয়াৰ মাজতে দেশখনৰ পৰৱর্তী ৰাষ্ট্রপতি ৰিপাব্লিকান নেতা ট্রাম হ’ব নে ডেম’ক্রেট নেতা বাইডেন হ’ব তাক লৈ বিভিন্ন মহলত চর্চা আৰম্ভ হৈছে৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ বর্ষীয়ান ৰাষ্ট্রপতি জ’ বাইডেনক পুনৰ আমেৰিকাৰ ৰাষ্ট্রপতি পদত বহু নাগৰিকে নিবিচাৰে বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ বিপৰীতে শেহতীয়া এক সমীক্ষাত দেখিবলৈ পোৱা গৈছে যে আমেৰিকান নাগৰিকসকলৰ পছন্দৰ ৰাষ্ট্রপতি প্রার্থী হৈছে প্রাক্তন ‘ফার্ষ্ট লেডী’ মিচেল অ’বামা৷ বাইডেনৰ দল ডেম’ক্রেটিক পার্টীৰ অধিকসংখ্যকে ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে বিচাৰে মিচেলক৷ ৪৮ শতাংশ ডেম’ক্রেট কর্মী–সমর্থকে মিচেল অ’বামাক পৰৱর্তী ৰাষ্ট্রপতি নির্বাচনৰ ডেম’ক্রেট প্রার্থী হিচাপে বিচাৰে৷ লক্ষণীয়ভাৱে ৩৮ শতাংশ লোকে এই সমীক্ষাত নিজৰ মতামত ব্যক্ত কৰা নাই৷ ৮১ বছৰীয়া বাইডেনৰ বিপৰীতে ৰাষ্ট্রপতি নির্বাচনত প্রার্থী হিচাপে কমলা হেৰিছক বিচাৰে ১৫ শতাংশ নাগৰিকে৷ আনফালে, ১২ শতাংশ নাগৰিকে হিলাৰী ক্লিণ্টনক ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হিচাপে বিচাৰে৷ উল্লেখনীয় যে ৰিপাব্লিকান প্রার্থী হিচাপে সকলোতকৈ পছন্দৰ ড’নাল্ড ট্রাম্প৷ ড’নাল্ড ট্রাম্পৰ বয়সো ৭৭ বছৰ হৈছে যদিও ৰিপাব্লিকান নেতা–কর্মীসকলৰ মাজত ট্রাম্পৰ জনপ্রিয়তা অক্ষত আছে৷ ডেম’ক্রেটসকলে শেহতীয়াকৈ বাইডেনৰ বয়স বৃদ্ধিৰ বিষয়টোৰ লগতে স্মৃতিভ্রংশক ইছ্যু হিচাপে লোৱা দেখা গৈছে৷ গতিকে, মিচেল অ’বামাৰ প্রতি আস্থা বৃদ্ধি পাইছে ডেম’ক্রেটসকলৰ৷