নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২১কোটি টকাৰ কেলেংকাৰীৰ খলনায়ক গৌতম বৰুৱাক গ্ৰেপ্তাৰ

৩ বছৰৰ অন্তত গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ অসম গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক উন্নয়ন পৰিষদৰ অধ্যক্ষ গৌতম বৰুৱাক গ্ৰেপ্তাৰ। ১২১কোটিৰ টকাৰ বিয়োগোম কেলেংকাৰী সংঘটিত কৰি ৩ বছৰে পলাতক অৱস্থাত আছিল গৌতম বৰুৱা।

            দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াজনক। ২০১৮চনতেই বিশেষ আদালতে পলাতক ঘোষণা কৰিছিল গৌতম বৰুৱাক আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ সন্ধান দিয়াজনলৈ পুৰস্কাৰো ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। দিল্লীৰ বিভিন্ন ঠাই পলাই ফুৰা বিষয়াজনক অৱশেষত জালত পৰে আৰক্ষীৰ। সুদীৰ্ঘ ৩ বছৰৰ অন্তত গ্ৰেপ্তাৰ হোৱা বিষয়াজনক আজি নতুন দিল্লীৰ আদালতত হাজিৰ কৰোৱা হয়।

 

 

You might also like