দিছপুৰত ৬ জনগোষ্ঠীয় নেতৃত্বৰে গুৰুত্বপূৰ্ণ বৈঠক
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ জনগোষ্ঠীয় সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। জনতা ভৱনত অনুষ্ঠিত হোৱা বৈঠকত ৬ জনগোষ্ঠীৰ উন্নয়ণ পৰিষদ গঠন তথা বাজেটত পুঁজি আবণ্টনক আলোচনা।
বৈঠকত প্ৰতিটো জনগোষ্ঠীয়ে তেওঁলোকৰ দাবী সন্দৰ্ভত অৱগত কৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক। এই আলোচনাত মিলিত হোৱা বাবে সুখী বুলি মন্তব্য কৰে নেতৃবৰ্গই লগতে আগন্তুক বাজেটত ৫০০কোটি টকা জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে আবণ্টন কৰাক লৈও আলোচনা কৰা হয়।