নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ ইটালীত আবদ্ধ লাভলীনাসহ ভাৰতীয় বক্সিং দল

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ মহামাৰী ক’ৰোনা ভাইৰাছক লৈ শংকিত হৈ পৰিছে সম্প্রতি ইটালীৰ আচিচিত আবদ্ধ হৈ থকা ভাৰতীয় পুৰুষ আৰু মহিলা বক্সিং দলটো৷ অলিম্পিকৰ কোৱালিফায়াৰৰ বাবে অনুশীলনৰ অর্থে ইটালীলৈ ৰাওনা হৈছিল অসমৰ লাভলীনা বৰগোহাঁই, এম চি মেৰীকমসহ ভাৰতীয় বক্সিং দলটো৷ সম্প্রতি ইটালীত ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাত শংকাত ভুগিছে ভাৰতীয় বক্সিং দলটোৱে৷ যিকোনো সময়তে মিলানত থকা বিমানবন্দৰ বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে৷ দলটোৱে ২৮ ফেব্রুৱাৰীত ইটালীৰ পৰা জর্দানলৈ ৰাওনা হোৱাৰ কথা আছিল যদিও দলটোৱে শীঘ্রে ইটালী এৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে৷

You might also like