নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া কলেজৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত আই-২০ৰ পৰা উদ্ধাৰ ৭টা চুৰি ছাগলী

বিশেষ বার্তা, ৭ মাৰ্চ : আজি দুপৰীয়া নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মুখত জয়পুৰৰ দিশৰ পৰা অহা এখন আই টুৱেন্টী গাড়ীৰে পথৰ কাষত ৰখাই থোৱা এখন কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ বাছত খুন্দিয়াই পলায়ন কৰাৰ পিছত কিছুদূৰ গৈ গাড়ীখন পথৰ কাষত ৰখাই পলায়ন কৰা আৰু পৰৱৰ্তী পয্যায়ত গাড়ীখনৰ পৰা ৭টাকৈ ছাগলী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ লাভ কৰা তথ্য অনুসৰি আজি দুপৰীয়াৰ ভাগত জয়পুৰ নগাঘাট অঞ্চলত পথৰ কাষৰ পৰা এটা ছাগলী চুৰি কৰি এ এছ ০৬ ই ০৭৭১ নম্বৰৰ এখন আই টুৱেন্টি বাহনৰ আৰোহীসকলে পলায়ন কৰাৰ তথ্য লাভ কৰি ছাগলীৰ গিৰিহঁত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম মালাকাৰৰ নেতৃত্বত জয়পুৰ থানাৰ আৰক্ষীয়ে দলটোৰ পিছ লোৱাত বাহনখনে নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মুখত ৰাখি থোৱা কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ এখন বাছত খুন্দা মাৰি পলায়ন কৰোতে গাড়ীখনৰ পৰা এটা চুৰ পৰি যোৱাৰ লগতে বাকী দুটা চুৰে গাড়ী লৈ পলায়ন কৰোতে গাড়ীখনৰ চকা পামচাৰ হোৱাত কিছু দূৰ গৈ পথৰ কাষত গাড়ীখন এৰি দুয়োটা চুৰে পলায়ন কৰে। পিছত আৰক্ষীয়ে গাড়ীখন জব্দ কৰোতে গাড়ীখনৰ ভিতৰত মুখ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় ৭টাকৈ ছাগলী। মনকৰিবলগীয়া যে কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ বাছত খুন্দা মাৰোঁতে পৰি যোৱা চুৰটোক পিছত সোধপোচ কৰোতে ডিব্ৰুগড় নালিয়াপুল নিবাসী আতিকুৰ ৰহমান নামৰ এই চোৰটোৱে দাঙি ধৰে কেতবোৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। ধৃত চোৰটোৱে জানিবলৈ দিয়া মতে ডিব্ৰুগড়ৰে ৰাতুল হাজৰিকা আৰু বিতু আহমেদ নামৰ আনদুটা চোৰৰ সৈতে দীৰ্ঘদিন ধৰি এই অঞ্চলত তেওঁলোকে ছাগলী চুৰ কৰি অহাৰ লগতে তেওঁলোকে নিয়মীয়াকৈ নামৰূপৰ থানাৰ সমীপৰে এক গোপন স্থানত জনৈক হাজৰিকা আৰু আহমেদ উপাধিৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ লগতে আজিও চৰাইদেউ জিলাৰ বৰহাটৰ পৰা ৬ টাকৈ ছাগলী চুৰ কৰাৰ পিছত উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ক্ৰয় কৰি সেৱন কৰি আহিছিল। লক্ষণীয় যে চুৰটোৰ স্বীকাৰোক্তি অনুসৰি সিহঁতে এই চুৰি ছাগলীসমূহ নি ডিব্ৰুগড়ৰ বিভিন্ন ছাগলী মাংস বেপাৰীক ৪০০-৪৫০ টকাত বিক্ৰী কৰি আহিছিল। ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষীয়ে ইতিমধ্যে ধৃত চুৰ টোৰ লগতে চুৰি কাৰ্য্যত ব্যৱহৃত গাড়ীখন নিজৰ জিম্মাত লোৱাৰ লগতে পলায়ন কৰা বাকী দুটা চোৰক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা
You might also like