নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুল হুছেইনৰ অহংকাৰৰ হিচাপ-নিকাচ হ’ব ধুবুৰীত : অপূৰ্ব ভট্টাচাৰ্য

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ অগপই প্ৰাৰ্থী তালিকা কেতিয়া ঘোষণা কৰিব সেই প্ৰশ্ন উত্থাপিত হোৱাৰ মাজতে আজি ধুবুৰীত দলটোৰ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচার্যই তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব বুলি সাংবাদিকৰ সন্মুখত দাবী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ শীৰ্ষ নেতৃত্ব ব্যস্ত হৈ থকা বাবেই বৰপেটা আৰু ধুবুৰী লোকসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত কিছু বিলম্ব হোৱা বুলি যুক্তি আগবঢ়ায় অগপৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি ভট্টাচার্যই। ল’গতে ধুবুৰীৰ পৰা অগপৰ প্ৰাৰ্থীত্ব বিচাৰি স্থানীয় কেইবা গৰাকী লোকে আৱেদন কৰা বুলি দাবী কৰাও পোৱা যায় আৰু সেই কেইগৰাকীৰ কাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব সেয়া লৈ দলৰ তৃণমূল কৰ্মী সকলৰ মতামত লোৱা হ’ব বুলিও জনায় তেওঁ। আনহাতে ধুবুৰীত কংগ্ৰেছৰ দলৰ সম্ভাব্য প্ৰাৰ্থী বুলি চৰ্চিত হোৱা চামুগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে সম্প্ৰতি গুৱাহাটীত অগপৰ কোনো সাংগঠনিক ভেটি নাই বুলি কৰা মন্তব্যৰ ওপৰত টিপ্পনী বিচাৰি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভট্টাচাৰ্য্যৰ কটাক্ষ, মই তেখেতক শুভেচ্ছা দিছোঁ। তেখেতৰ ৰাজনৈতিক জীৱনৰ যিমান অহংকাৰ অৰ্জন কৰিছে, এইবাৰ সকলো অহংকাৰৰ হিচাপ-নিকাচ ধুবুৰীবাসীয়ে ধুবুৰীৰ মাটিত কৰি দিব। কাৰণ এই কাৰণে মই কলোঁ, যোৱা ১১টা বছৰ সেই দলটোত মই আছিলোঁ। এই ধুবুৰীত মই অসম গণ পৰিষদ দলৰ হৈও মই কাম কৰি গৈছোঁ আৰু কংগ্ৰেছ দলৰ হৈও ইয়াৰ পঞ্চায়তে পঞ্চায়তে মই ঘুৰিছোঁ। গতিকে মই জানো কোন বেমাৰৰ ঔষধ কি। পৰোক্ষভাবে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ কটাক্ষ কৰি তেওঁৰ মন্তব্য, দলৰ শীৰ্ষ নেতৃত্বই মিত্ৰজোঁটৰ সৈতে লগ লাগি আমি ইয়াৰ পৰা বাহিৰৰ মানুহক আলহী বুলি চা-টা খুৱাই এইবাৰ বিদায় দিম। কাৰণ ইয়াৰে মাটি আৰু মানুহৰ ল’গত সম্পৰ্ক নথকা মানুহে কেনেকৈ সমষ্টিৰ উন্নতি- উন্নয়নৰ অংশীদাৰ হ’ব বা ৰাজনীতি কৰিব। ধুবুৰী লোকসভা সমষ্টিত অগপৰ স্থিতি সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, কোনোবাই যদি ২০১৯ৰ ছৱিখন মনত পেলাই কথা কয় তেতিয়াহলে ভুল হ’ব। ২০২৪ত সঁচাকৈয়ে অসম গণ পৰিষদে এক প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰাকৈ আমি এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ম। উল্লেখ্য যে কালি সন্ধিয়া ধুবুৰীত উপস্থিত হোৱা অগপৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা আৰু উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচার্যই ধুবুৰীত মিত্ৰজোঁট বিজেপিৰ জিলা পৰ্যায়ৰ শীৰ্ষ কাৰ্যকৰ্তা সকলোৰে এক বৈঠকত মিলিত হয়। আজি দুপৰীয়াৰ ভাগত অগপৰ ধুবুৰীস্থ জিলা কাৰ্যালয়ত দলটোৰ ধুবুৰী বিধান সভা সমষ্টি সমিতিৰ এখন মত বিনিময় সভাত অংশ লয় দুয়োই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like