নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰমশালা টেষ্টত অভিলেখৰ জোৱাৰ জয়ছোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মাৰ্চঃ কেৰিয়াৰৰ নৱমসংখ্যক টেষ্ট খেলি ইটোৰ পিছত সিটো অভিলেখ গঢ়িছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱালে৷ ইংলেণ্ডৰ বিপক্ষে আজিৰে পৰা আৰম্ভ হোৱা ধৰমশালা টেষ্টত কেইবাটাও নজিৰ গঢ়িলে প্রতিভাৱান বেটাৰগৰাকীয়ে৷ টেষ্ট ক্রিকেটত দ্রুতগতিত ১০০০ ৰান সম্পূর্ণ কৰি ভাৰতৰ প্রথমগৰাকী বেটাৰ হিচাপে নজিৰ গঢ়িলে জয়ছোৱালে৷ কেৰিয়াৰৰ নৱম টেষ্টত এই গৌৰৱ অর্জন কৰা জয়ছোৱালে টীম ইণ্ডিয়াৰ মহান ক্রিকেটাৰ সুনীল গাভাস্কাৰ আৰু টেষ্ট স্পেচিয়েলিষ্ট চেতেশ্বৰ পূজাৰাৰ অভিলেখটো ভংগ কৰে৷ গাভাস্কাৰ আৰু পূজাৰাই একাদশসংখ্যক টেষ্টত এহেজাৰ ৰান পূর্ণ কৰিছিল৷ এই তালিকাত তৃতীয় স্থান অধিকাৰ কৰি আছে বিনোদ কাম্বলি আৰু মায়ংক আগৰৱালে৷ দুয়োগৰাকী ক্রিকেটাৰে কেৰিয়াৰৰ দ্বাদশসংখ্যক টেষ্টৰ এই গৌৰৱ অর্জন কৰিছিল৷ আনহাতে কম ইনিংছত দ্রুতগতিত ১০০০ ৰান পূর্ণ কৰা জয়ছোৱাল হ’ল ভাৰতৰ দ্বিতীয়গৰাকী বেটাৰ৷ জয়ছোৱালে ১৬টা ইনিংছত ১০০০ ৰান সম্পূর্ণ কৰে৷ টীম ইণ্ডিয়াৰ প্রাক্তন খেলুৱৈ বিনোদ কাম্বলিয়ে ১৪টা ইনিংছত ১০০০ ৰান পূর্ণ কৰি ভাৰতৰ প্রথমগৰাকী দ্রুত বেটাৰ হিচাপে গৌৰৱ অর্জন কৰি আছে৷ ইফালে জয়ছোৱালে আজি টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ এক অভিলেখ ভংগ কৰে৷ ধৰমশালা টেষ্টৰ আজি প্রথম ইনিংছত ৫৭ ৰান কৰি পেভিলিয়নমুখী হোৱাৰ পূর্বে জয়ছোৱালে ইংলেণ্ডৰ বিপক্ষে খেলা এটা টেষ্ট শৃংখলাত সর্বাধিক ৰান কৰাৰ নজিৰ গঢ়ে৷ চলিত টেষ্ট শৃংখলাটোত জয়ছোৱালে এতিয়ালৈকে ৭১২ ৰান সংগ্রহ কৰি ২০১৬ চনত ইংলেণ্ডৰ বিপক্ষে খেলা টেষ্ট শৃংখলাটোত কোহলিয়ে কৰা ৬৫৫ ৰানৰ অভিলেখটো ভংগ কৰে৷ আনহাতে এটা টেষ্ট দলৰ বিপক্ষে সর্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখত আছে জয়ছোৱাল৷ আনহাতে ৫খনীয়া টেষ্ট শৃংখলাটোৰ আটাইকেইখনতে ৫০ বা ততোধিক ৰান কৰাৰ গৌৰৱো অর্জন কৰে জয়ছোৱালে৷

You might also like