ৰাজনাথ সিঙৰ জনসভাৰ বাবে বৰপেটাত অগপৰ পৰ্যালোচনা বৈঠক
বিজেপি নেতৃত্বৰ সৈতেও প্ৰস্তুতিৰ বুজ ল’লে অগপৰ শীৰ্ষ নেতৃত্বই
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কাইলৈ বৰপেটা পৌৰসভাৰ খেলপথাৰত এখন বিশাল জনসভা সম্বোধন কৰিব। এই সভাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিয়ে আজি বৰপেটাৰ অগপ কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতি কুমাৰ দীপক দাস আৰু ডাঃ তাৰাপ্ৰসাদ দাস, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ভূপেন ৰয়, ড০ তপন দাস, ধৰ্মেশ্বৰ ৰয়, আগন্তুক বৰপেটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে অগপৰ কেন্দ্রীয় নেতৃত্বৰ বহুকেইজন সদস্য উপস্থিত থাকে। উল্লেখ্য, বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ পৰা লক্ষাধিক লোকে প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ এই সভাখনত অংশগ্রহণ কৰিব। গতিকে এই বিশাল সভাখনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অগপৰ এই কেন্দ্রীয় নেতৃত্বৰ দলটোৱে বৰপেটাৰ পৌৰসভাৰ খেলপথাৰত বিজেপিৰ বৰপেটা জিলাৰ সভাপতি অনিল দাস, অসম প্ৰদেশ বিজেপিৰ উপ সভাপতি জয়ন্ত দাস, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে বিজেপিৰ আন নেতা-কৰ্মীসকলৰ লগত আলোচনাত মিলিত হয়। আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপৰি অসম প্ৰদেশ বিজেপিৰ আন শীৰ্ষ নেতৃত্বই এই জনসভাখন সফলতাৰে আয়োজন কৰাৰ বাবে যি প্ৰস্তুতি চলাইছে তাৰ বাবে অসম গণ পৰিষদ দলে কৃতজ্ঞতা জ্ঞাপন কৰিছে।