ইডিৰ এজাহাৰক প্ৰত্যাহ্বান জনাই ছেছন আদালতৰ শৰণাপন্ন কেজৰিৱাল
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ দিল্লীৰ আবকাৰী নীতি গোচৰৰ ধন সৰবৰাহৰ গোচৰত ছেছন আদালতৰ কাষ চাপিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইডিৰ অভিযোগ সন্দৰ্ভত অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশে তেওঁক জাৰি কৰা চমনক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী কেজৰিৱালে। ১৬ মাৰ্চত কেজৰিৱালক হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল আদালতে। দিল্লী সুৰা নীতিৰ ধন সৰবৰাহৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জাৰি কৰা চমন মানি নচলাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে শেহতীয়াকৈ বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) দুটা অভিযোগ দাখিল কৰিছিল। ইডিয়ে আদালতক জনাইছিল যে অৰবিন্দ কেজৰিৱালে ইচ্ছাকৃতভাৱে ইডিৰ চমন মানি চলা নাই। ইয়াৰ পিছতে ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শনিবাৰে (১৬ মাৰ্চ) আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল, যিটোক মুখ্যমন্ত্ৰীয়ে ছেছন আদালতত প্ৰত্যাহ্বান জনাইছে। দৰাচলতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী সুৰা নীতিৰ বিষয়টো সন্দৰ্ভত ইডিয়ে ৮টা চমন জাৰি কৰাৰ পিছতো এটাও চমন কাৰ্যকৰী কৰা নাছিল। মুখ্যমন্ত্ৰীৰ এই মনোভাৱ দেখি ইডি আদালতত এজাহাৰ দাখিল কৰে।