নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবিধানিক আইন CAA প্ৰত্যাহাৰ কৰা অসম্ভৱ : অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইন (CAA) বলৱৎ হোৱাৰ পিছৰে পৰা বিৰোধীয়ে ইয়াক বিভাজনকাৰী আইন বুলি অভিহিত কৰি আহিছে। বিৰোধী দলৰ জৰিয়তে গঠিত ইণ্ডি মিত্ৰজোঁট ক্ষমতালৈ আহিলে CAA বাতিল কৰিব বুলি কৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে CAA নাকচ কৰা অসম্ভৱ। এয়া সাংবিধানিক আইন। লগতে কয় যে CAA কেতিয়াও প্ৰত্যাহাৰ কৰা নহ’ব। এই ক্ষেত্ৰত আমি আপোচ নকৰো। সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত অমিত শ্বাহে কয়, ‘কা আইন কেতিয়াও প্ৰত্যাহাৰ কৰা নহ’ব। আমাৰ দেশত ভাৰতীয় নাগৰিকত্ব নিশ্চিত কৰাটো আমাৰ সাৰ্বভৌম অধিকাৰ, ইয়াৰ সৈতে আমি কেতিয়াও আপোচ নকৰোঁ। তেওঁ কয় যে এই বিষয়ত বিৰোধীয়ে ৰাজনীতি কৰিছে। কাৰণ ভোটবেংক শক্তিশালী কৰিব লাগিব। বিৰোধীৰ কাম নাই, তেওঁলোকে কোৱা কথাখিনি এতিয়াও পূৰণ কৰা নাই। আমাৰ চৰকাৰে যি কয়, সেয়া পূৰণ কৰে। সাক্ষাৎকাৰত তেওঁক সোধা বিৰোধী নেতাসকলে কৈছে যে ২০২৪ চনত ইণ্ডি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে CAA প্ৰত্যাহাৰ কৰিব প্ৰশ্ন সন্দৰ্ভত অমিত শ্বাহে কয়, ‘তেওঁলোকে জানে যে ইণ্ডি মিত্ৰতা ক্ষমতালৈ নাহে। CAA আনিছে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে। CAA বাতিল কৰাটো অসম্ভৱ। এয়া সম্পূৰ্ণ সাংবিধানিকভাৱে বৈধ আইন। তেওঁ কয়, ‘উচ্চতম ন্যায়ালয়ে এই আইনখন নিষিদ্ধ কৰা নাই। উদ্ধৱ থাকৰেক CAA কাৰ্যকৰী কৰা উচিত নে নহয় সেই বিষয়ে স্পষ্ট কৰি দিব বিচাৰিছো। সংখ্যালঘু ভোট বিচাৰি তেওঁ তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। আচলতে উদ্ধৱ থাকৰে কৈছিল যে বিজেপিয়ে CAAক নিৰ্বাচনী ছলনা হিচাপে লৈ আহিছে। এতিয়াও আদালতত গোচৰ চলি আছে আৰু অধিসূচনা জাৰি কৰা হৈছে। এন আৰ চিৰ সৈতে CAAৰ কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। দেশৰ বাকী অংশৰ লগতে অসমতো CAA ৰূপায়ণ কৰা হ’ব। কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত CAA কাৰ্যকৰী নহ’ব য’ত দুবিধ বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে। তেওঁ কয় যে ইয়াৰ ভিতৰত ইনাৰ লাইন পাৰ্মিট (আই এল পি)ৰ ব্যৱস্থা আছে আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিশেষ মৰ্যাদা দিয়া অঞ্চলসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

You might also like