নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাৰ গড়ল বৰুৱাপাৰাত তিনিদিনীয়া দৌল উৎসৱৰ আয়োজন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ প্ৰতিবছৰৰ দৰে এইবেলিও ২৪, ২৫ আৰু ২৬ মার্চত পূর্বাপৰ ৰীতি অনুযায়ী আজাৰাৰ গড়ল বৰুৱাপাৰা নবীন যুৱক দৌল কমিটীৰ সৌজন্যত বিস্তৃত কার্যসূচীৰে শ্রীশ্রী কৃষ্ণৰ দৌল উৎসৱ পালন কৰিবলৈ মনস্থ কৰা হৈছে৷ ২৪ মার্চৰ সন্ধিয়া ৬ বজাত সায়ং অধিবাস আৰু বহ্ণুংসৱ, ২৫ মার্চৰ পুৱা ৮ বজাত জলযাত্রা, ৯ বজাত ঘট স্থাপন আৰু পূজাৰম্ভ, দুপৰীয়া ১২ বজাত নাম–সংকীর্তন, ১ বজাত হোমাগ্ণি, পূর্ণাহুতি আৰু শান্তি, ১.৩০ বজাত ফল্গুদান, ১.৪৫ বজাত প্রসাদ বিতৰণ, ১.৪৫ বজাত প্রসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া ৫ বজাত নিমন্ত্রিত অতিথিৰ অভ্যর্থনা, ৬ বজাত শ্রীকৃষ্ণ প্রতিযোগিতা, ৭ বজাত নাম পৰিৱেশন মণিকাঞ্চন নাগাৰা নাম দল, টিয়াঝাৰ, মঙলদৈ, নামতী শ্রীমতী ডেইজী ডেকা৷ ২৬ মার্চৰ পুৱা ৯.৩০ বজাত গোসাঁই লৈ গাঁও সংকীর্তন, সন্ধিয়া ৬ বজাত নাম পৰিৱেশন কৃষ্ণলীলা নাগাৰা নামতী দল, বৰণদীঝাৰ, দৰং, নামতী স্মিতা ৰাজবংশী, ৮ বজাত মিলিজুলি নাৰাগা নাম দল, ছিপাঝাৰ, দৰং নামতী প্রিয়াংকা শইকীয়া৷ দৌল উৎসৱৰ আটাইকেইটা দিনত সমূহ ভক্তপ্রাণ ৰাইজৰ উপস্থিত আৰু সহায়–সহযোগিতা কামনা কৰিছে সভাপতি দীপেন কুমাৰ বৰুৱা, সাধাৰণ সম্পাদকদ্বয় মুকুট বৰুৱা (ধন) আৰু পংকজ কুমাৰ শর্মাই ৷

You might also like