নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনক সহায় কৰিলেই আমেৰিকাক পৰমাণু আক্ৰমণৰ ভাবুকি পুটিনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ পুনৰ আমেৰিকাক পাৰমাণৱিক অস্ত্রৰ ভাবুকি প্রদান কৰিলে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ দুবছৰ অতিক্রম কৰাৰ পাছতো বন্ধ হোৱা নাই ৰাছিয়া-ইউক্রেইনৰ ৰক্তক্ষয়ী যুদ্ধ৷ ৱাশ্বিংটনৰ অস্ত্রবলত ৰণাংগনত আক্রমণাত্মক হৈ উঠিছে কিয়েভ৷ মস্কোৰ প্রতিটো আক্রমণৰ প্রত্যুত্তৰ দি আহিছে ইউক্রেইনী বাহিনীয়ে৷ গতিকে ৰাছিয়াই আশংকা কৰিছে যে আমেৰিকাই ইউক্রেইনলৈ সেনা প্রেৰণ কৰিব পাৰে৷ ইয়াৰ মাজতে ৰুছ ৰাষ্ট্রপতিয়ে হুংকাৰ দিয়ে যে আমেৰিকাই যদি যুদ্ধক্ষেত্রলৈ সেনা প্রেৰণ কৰে, তেন্তে সেয়া হ’ব পৰমাণু যুদ্ধৰ উচটনি৷ ইয়াৰ বাবে ৰুছ বাহিনী প্রস্তুত বুলিও উল্লেখ কৰে পুটিনে৷ আগন্তুক ১৫ৰ পৰা ১৭ মার্চলৈ ৰাছিয়াত অনুষ্ঠিত হ’ব ৰাষ্ট্রপতি নির্বাচন৷ পুনৰ ৰাষ্ট্রপতিৰ পদ পুটিনে দখল কৰাটো একপ্রকাৰ নিশ্চিত৷ ৬ বছৰৰ বাবে পুনৰ ক্ষমতা থাকিব পুটিনৰ দখলত৷ এই নির্বাচন প্রক্রিয়া আৰম্ভ হোৱাৰ দুদিন পূর্বে পৰমাণু আক্রমণৰ ভাবুকি দিয়ে পুটিনে৷ সংবাদ সংস্থা ৰয়টার্ছৰ সূত্রই সদৰী কৰা অনুসৰি আমেৰিকাক কটাক্ষ কৰি পুটিনে উল্লেখ কৰিছে যে পৰমাণু যুদ্ধক লৈ চিন্তা কৰিবলগীয়া নাছিল৷ ইউক্রেইনেতো পাৰমাণৱিক অস্ত্র প্রয়োগৰ কোনো প্রয়োজন নাছিল৷ কিন্তু সামৰিক আৰু প্রযুক্তিগত দিশৰ পৰা যি ধৰণে ৰুছ বাহিনী প্রস্তুত হৈ আছে তাৰ দ্বাৰা ৰাছিয়া পৰমাণু যুদ্ধৰ বাবে সকলো সময়তে সষ্টম যে সেই কথাটোৱেই প্রমাণিত হয়৷ পুটিনে একপ্রকাৰ স্পষ্ট কৰি দিছে যে পৰমাণু যুদ্ধৰ বাবে ৰুছ বাহিনী সাজু হৈ আছে৷ গতিকে আমেৰিকাই ইউক্রেইনক বর্তমান যুদ্ধত অধিক সহায় কৰিলে যিকোনো মুহূর্ততে ৰাছিয়াই পৰমাণু অস্ত্র প্রয়োগ কৰিব পাৰে৷ স্মর্তব্য যে ইয়াৰ পূর্বেও পুটিনে ৰুছ ভূখণ্ডৰ পৰা আমেৰিকা ধ্বংস কৰিব পৰা পৰমাণু অস্ত্র মস্কোৰ হাতত আছে বুলি ঘোষণা কৰিছিল৷

You might also like