নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী লোকসভাৰ বাঘমাৰাত সন্মুখ সমৰত এআইইউডিএফ-কংগ্ৰেছৰ সমৰ্থক

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : ক্ৰমাৎ যেন উত্তপ্ত হ’ব ধৰিছে নিৰ্বাচনী বতাহ। দলীয় মিত্ৰতাৰ কথা আঁতৰিল, সম্প্ৰতি চৰ্চালৈ আহিছে কংগ্ৰেছ আৰু এআইইউডিএফৰ তৃণমূল পৰ্যায়ৰ একাংশ সমৰ্থকৰ কাণ্ড | ধুবুৰীৰ বৰপেটা বাঘমাৰা চৰত সন্মুখ সমৰত কংগ্ৰেছ-এআইইউডিএফৰ একাংশ সমৰ্থক| বৃহস্পতিবাৰে আবেলি ধুবুৰী লোকসভা সমষ্টিৰ খোলাবান্ধাৰ এখন দলীয় নিৰ্বাচনী সভালৈ গোৱালপাৰাৰ নৱাগত শিমলীতোলা বজাৰ পাৰঘাট পাৰ হৈ গৈ থকা অৱস্থাত একাংশ এআইইউডিএফ সমৰ্থকে আদবাটত ক’লা পতাকা দেখুৱাবলৈ খাপ পিটি ৰৈ আছিল একালৰ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা ধুবুৰীৰ কংগ্ৰেছ দলৰ মনোনীত সাংসদ পদৰ প্ৰাৰ্থী ৰকিবুল হুছেইনলৈ বুলি | পিছে এই অভিসন্ধিৰ কথা কেনেবাকৈ কাণত পৰে স্থানীয় কংগ্ৰেছ সমৰ্থকসকলৰ আৰু চোঁচা লয় খাপ পিটি থকা দলটিলৈ | দুয়োটা পক্ষৰ মাজত প্ৰথমে বাকবিতণ্ডা আৰু পাছলৈ সৃষ্টি হয় কুৰুক্ষেত্ৰ | নিৰ্বাচনী প্ৰচাৰৰ পৰত এইধৰণৰ কাণ্ডক সচেতন ৰাইজে ধিক্কাৰ দিয়াৰ লগতে প্ৰতিটো দলৰ কৰ্মী-সমৰ্থকক আগলৈ সংযমী আৰু অনুশাসন বজাই ৰাখিবলৈ আহ্বান জনাইছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like