নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত ৩০ কোটিৰ আদর্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা

সংখ্যালঘুৰ বাবে বহু কৰণীয় আছেঃ ৰঞ্জিত দত্ত

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে বহু কৰণীয় আছে৷ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে এইক্ষেত্রত অগ্রাধিকাৰ দিছে৷ –বুধবাৰে কলগাছিয়াত প্রধানমন্ত্রী জন বিকাশ কার্যক্রম আঁচনিৰ অধীনত ৩০ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা এখন আদর্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি সংখ্যালঘু কল্যাণ তথা উন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত দত্তই এইদৰে কয়৷ হস্ততাঁত বস্ত্র বিভাগৰো দায়িত্বত থকা মন্ত্রীগৰাকীয়ে কয়– প্রথম অৱস্থাত এই বিভাগৰ দায়িত্ব লৈ মই দ্বিধাগ্রস্ততাত ভুগিছিলোঁ যদিও পিছলৈ মোৰ ধাৰণা সলনি হৈছে৷ এতিয়া সংখ্যালঘু ৰাইজৰ হকে কাম কৰাৰ সুযোগ পাই আনন্দ অনুভৱ কৰিছোঁ বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি দিয়া ভাষণত হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয়– ৰাজনৈতিকভাৱে বিভিন্ন মত পার্থক্য থাকিলেও উন্নয়নৰ প্রশ্ণত আমি সকলোৱে দল–মত নির্বিচাৰে একেলগে মিলিজুলি কাম কৰোঁ৷ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে তেওঁ গ্রহণ কৰা প্রচেষ্টাৰ প্রতি সঁহাৰি জনাই বিদ্যালয়খন কলগাছিয়াত স্থাপন কৰিবলৈ লোৱাৰ বাবে তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্রী ৰঞ্জিত দত্তৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ সভাত স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলামেও ভাষণ দিয়ে৷ সভাৰ আৰম্ভণীতে আদৰণী ভাষণ দিয়ে ৰাজ্য চৰকাৰৰ সংখ্যালঘু কল্যাণ বিভাগৰ সচিব অশোক বর্মনে আৰু শলাগৰ শৰাই আগবঢ়ায় চৰ অঞ্চল আৰু সংখ্যালঘু কল্যাণ পৰিষদৰ সঞ্চালক মাহমুদ হাচানে৷ ইফালে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই জনোৱা মতে, কলগাছিয়া ৰাজহ চক্রৰ অধীনৰ সওপুৰতবৰপেটা–ভ্ ঘাইপথৰ দদাতিতে নির্মাণ কৰিবলৈ লোৱা প্রকল্পটোৰ বাবে দুবছৰৰ সময়সীমা নির্ধাৰণ কৰা হৈছে৷ এই আৱাসিক বিদ্যালয়খনত ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে ৫৬০গৰাকী ছাত্র–ছাত্রীয়ে বিনামূলীয়াকৈ অধ্যয়ন কৰাৰ সুযোগ পাব আৰু ৪০০ ছাত্র–ছাত্রীৰ বাবে হোষ্টেলৰ সুবিধাও থাকিব৷

You might also like