নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া, টি–২০ত প্রযোজ্য হ’ব ‘ষ্টপ ক্লক’ নিয়ম

বিশেষ বাৰ্তা, ১৬ মার্চ : এদিনীয়া আৰু টি–২০ ক্রিকেটত প্রযোজ্য হ’ব ‘ষ্টপ ক্লক’ নিয়ম৷ পৰীক্ষণমূলক সময়ৰ সফল সমাপ্তিৰ অন্তত শুকুৰবাৰে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে এদিনীয়া আৰু টি–২০ ক্রিকেটত ‘ষ্টপ ক্লক’ নিয়ম গ্রহণ কৰাটো নিশ্চিত কৰে৷ প্রথমে ২০২৩ চনৰ ডিচেম্বৰত পৰীক্ষামূলক ভিত্তিত প্রৱর্তন কৰা এই নিয়মটোৱে এতিয়া টি–২০ আৰু এদিনীয়াকে ধৰি সকলো বগা বলৰ ক্রিকেটত কার্যকৰী কৰাৰ অনুমোদন লাভ কৰিছে৷ ‘ষ্টপ ক্লক’ৰ নিয়ম হ’ল ফিল্ডিং দলটোৱে পূর্বৰ অভাৰটো সমাপ্ত হোৱাৰ ৬০ ছেকেণ্ডৰ ভিতৰত পৰৱর্তী অভাৰটো আৰম্ভ কৰাটো বাধ্যতামূলক কৰি মেচখন সময় মতে অগ্রগতি প্রদান কৰা৷ জুন মাহত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপৰ পৰাই এই নিয়ম কার্যকৰী হ’ব৷ আইচিচিয়ে বার্ষিক বৈঠকৰ অন্তত প্রকাশ কৰা বিবৃতিত কয় যে ২০২৪ চনৰ জুন মাহত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ পৰা আৰম্ভ কৰি সকলো এদিনীয়া আৰু টি–২০ মেচতে ‘ষ্টপ ক্লক’ স্থায়ী হ’ব৷ বিবৃতিটোত লগতে কোৱা হৈছে যে ২০২৪ চনৰ এপ্রিললৈকে পৰীক্ষণমূলকভাৱে চলিব লাগিছিল যদিও এই পৰীক্ষাটোৱে ইতিমধ্যে মেচসমূহত সময় মতে সম্পূর্ণ কৰাৰ ক্ষেত্রত ফলাফল দিছে, যাৰ ফলত প্রতিখন এদিনীয়া মেচতে প্রায় ২০ মিনিট ৰাহি হৈছে৷ অভাৰৰ মাজত ইলেক্ট্রনিক ঘড়ী প্রদর্শন কৰা হ’ব৷ ফিল্ড আম্পাৰে ফিল্ডিং দলটোক দুবাৰকৈ সকীয়াই দিব৷ তৃতীয়বাৰ নিয়ম ভংগ হ’লে পেনাল্টী হিচাপে বেটিং দলৰ ৰানৰ লগত ৫ ৰান সংযোগ কৰা হ’ব৷ ইয়াৰ পিছত প্রতিবাৰ ফিল্ডিং দলটোৱে নিয়ম ভংগ কৰিলে ৫ ৰানকৈ বেটিং দলৰ ৰানত যোগ হ’ব৷ থার্ড আম্পায়াৰেও ইলেক্ট্র’নিক স্ক্রীনত ৬০ ছেকেণ্ডৰ টাইমাৰ আৰম্ভ কৰিব৷ কিন্তু যদি ডিয়াৰেষ্ট বা বেটাৰৰ বাবে অভাৰ আৰম্ভ কৰাত পলম হয়, তেতিয়াহ’লে তেনেক্ষেত্রত ফিল্ড আম্পাৰে সিদ্ধান্ত ল’ব৷ আইচিচিৰ সকলো বগা বলৰ খেলৰ বাবে এই নিয়মক সার্বজনীন কৰাৰ সিদ্ধান্তই সীমিত অভাৰৰ ক্রিকেটৰ গতি আৰু উত্তেজনা বজাই ৰখাৰ প্রতিশ্রুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ইফালে টি–২০ বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেলৰ বাবে ৰিজার্ভ ডে’ থাকিব বুলি আইচিচিৰ বিবৃতিটোত সদৰী৷ ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ছেমিফাইনেল মেচখন ২৭ জুন আৰু ফাইনেল মেচখন ২৯ জুনত অনুষ্ঠিত হ’ব৷ মেচ দুখনত বতৰে বিধি–পথালি দিলে নির্ধাৰিত সূচীৰ পৰৱর্তী দিনটোত পুনৰ অনুষ্ঠিত হ’ব৷ আনহাতে, ডুবাইত চলি থকা আইচিচিৰ বৈঠকখনত ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়ন ট্রফীৰ ওপৰত কোনোধৰণৰ আলোচনা হোৱা নাই৷

You might also like