নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমলিংগ বিবাহ, ছফীৰে বিবাহ সম্পন্ন অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১৮ মাৰ্চ : সমলিংগ বিবাহ। ছফী আলাউচিৰে বিবাহ সম্পন্ন হ’ল অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰীৰ। বৈদেশিক মন্ত্ৰী পেনি ৱং আৰু ছফী আলাউচিৰ সম্পৰ্কৰ প্ৰায় দুটা দশক হ’ল। ছফী পেনিতকৈ সাত বছৰ সৰু। তেওঁলোকৰ দুগৰাকী কন্যা সন্তানো আছে। কন্যা সন্তান দুগৰাকী আলেকজেণ্ড্ৰাৰ বয়স ১১ আৰু হান্নাৰ বয়স ৮ বছৰ। আইভিএফ প্ৰক্ৰিয়াৰ জৰিয়তে জন্ম হৈছিল কন্যা দুগৰাকী। অৱশেষত অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙে তেওঁৰ দীৰ্ঘদিনীয়া সংগী ছফী আলাউচিক বিয়া কৰায়। পেনি হৈছে দেশখনৰ প্ৰথমগৰাকী মহিলা সমকামী সাংসদ, যিয়ে ছফীক বিয়া কৰাইছে। দুয়োৰে ফটো এখন ছ’চিয়েল মিডিয়াত আপলোড কৰি পেনিয়ে লিখিছে- “আমি সুখী। কাৰণ, ইমানবোৰ পৰিয়াল আৰু বন্ধুৱে আমাৰ সৈতে এই বিশেষ দিনটো কটালে।” দক্ষিণ অষ্ট্ৰেলিয়াৰ এডিলেইডত অনুষ্ঠিত হয় এই বিবাহ অনুষ্ঠান। তাত উপস্থিত আছিল অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজ, দেশখনৰ স্বাস্থ্যমন্ত্ৰীকে ধৰি পেনিৰ ঘনিষ্ঠ কেইবাজনো ৰাজনীতিবিদ। ছফী এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মী। প্ৰসংগক্ৰমে উল্লেখ্য যে ২০১৭ চনত অষ্ট্ৰেলিয়াত সমলিংগ বিবাহক আইনগতভাৱে স্বীকৃতি দিয়া হৈছিল। পেনিও সমলিংগ বিবাহ আন্দোলনৰ লগত জড়িত আছিল। এই বিতৰ্কত পেনিৰ ভাষণে দেশবাসীক প্ৰভাৱিত কৰিছিল।

You might also like