মহাকাশত ৰেস্তোৰাঁ মুকলি কৰিব ‘স্পেচভিআইপি’-এ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ ভৰিৰ তলত আকাশ আৰু ইয়াৰ বহু তলত শুভ্র–নীলৰঙী পৃথিৱী৷ শূন্যত ওপঙি থকা এখন ৰেস্তোৰাঁৰ ৰিক্লাইনিং শ্বেয়াৰত ভেজা দি সুখৰ পানীয়ত চুমুক দিবলৈ কেনে লাগিব সেই সোৱাদৰ সন্ধান দিবলৈ পৃথিৱীৰ ষ্ট্রেট’স্ফিয়াৰত ওপঙি থকা এখন ৰেস্তোৰাঁ মুকলি কৰিছে নিউয়র্কৰ ‘স্পেচভিআইপি’ নামৰ এটা পর্যটন সংস্থাই৷ বিশ্বৰ অন্যতম খ্যাতনামা এগৰাকী ডেনিছ চেফক নিয়োগো কৰিছে সংস্থাটোৱে৷ সামান্য কাম বাকী আছে৷ অতিথিসকলক আদৰণি জনাবলৈ সেইবাবে আৰু এবছৰ অপেক্ষা কৰিব লাগিব৷ ‘স্পেচভিআইপি’য়ে তেওঁলোকৰ ইনষ্টাগ্রাম একাউণ্টত ৰেস্তোৰাঁৰ ছবি বিনিময় কৰিছে৷ তাত দেখিবলৈ পোৱা গৈছে ৰেস্তোৰাঁখন প্রায় বেলুনৰ দৰে৷ ৬ ঘণ্টাৰ বাবে এই হাইটেক স্পেচ বেলুনত মহাকাশ ভ্রমণলৈ লৈ যোৱা হ’ব অতিথিসকলক৷ অৱশ্যে এই ভ্রমণ হ’ব অত্যন্ত খৰচী৷ প্রতিগৰাকী অতিথিয়ে ৬ ঘণ্টাৰ বাবে এই ভ্রমণত খৰচ কৰিব লাগিব প্রায় ১ লাখ ডলাৰ৷ কিন্তু ইমান খৰচী হোৱা সত্ত্বেও সংস্থাটোৰ ৰেস্তোৰাঁৰ বাবে ২৪ ঘণ্টাৰ ভিতৰতে বুকিং আৰম্ভ হৈছে৷ ৬জন অতিথিৰ বাবে সুবিধা থাকিব এই ৰেস্তোৰাত৷ চৌদিশে থাকিব বৃহৎ বৃহৎ খিৰিকী৷ দূৰ–দূৰণিলৈ দৃষ্টি নিক্ষেপ কৰিব পাৰিব অতিথিসকলে৷ ভূপৃষ্ঠৰ পৰা ১ লাখ ফুট উচ্চতাত বহি সূর্যোদয় চাই চাই খাদ্য উপভোগ কৰিব পাৰিব অতিথিসকলে৷ থাকিব ৱাই–ফাইৰ সুবিধা৷