নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৬ এপ্ৰিললৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মা ৬ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে। আজি ৰাউজ এভিনিউ আদালতে দিল্লী সুৰা কেলেংকাৰি গোচৰৰ শুনানি চলি থকাৰ সময়তে ছিছ’ডিয়াৰ ন্যায়িক জিম্মা ৬ এপ্ৰিললৈকে বৃদ্ধি কৰে। ইতিমধ্যে এই গোচৰত হাজিৰ হোৱাৰ পৰা সকাহ দিয়া হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। মনীষ ছিছ’ডিয়া যোৱা বছৰৰ পৰা জেলত আছে।

You might also like