নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল দূৰৰে কথা মহিলা প্ৰিমিয়াৰ লীগতকৈ কম প্ৰাইজমানী পিএছএলত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ধাৰণাৰে পাকিস্তানত আৰম্ভ হৈছিল পাকিস্তান ছুপাৰ লীগ। তেতিয়াৰ পৰা সময়ে সময়ে দুয়োখন দেশৰ লীগ তুলনা কৰা হয়। আই পি এলতকৈ পি এছ এলক ভাল বুলি চিত্ৰিত কৰাৰ দৌৰত সদায় পাকিস্তানীসকলে বাজি লগায়। পি এছ এল-২০২৪ৰ চূড়ান্ত মেচখন কালি নিশা অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰাই লীগৰ পুৰস্কাৰৰ ধন আলোচনাৰ বিষয় হৈয়েই আছে। PSL 2024ৰ ফাইনেল মেচখন খেলিছিল ছাদাব খানৰ দল ইছলামবাদ ইউনাইটেড আৰু ৰিজৱানৰ দল মুলতান চুলতানৰ মাজত। খিতাপ মেচখনত ইছলামবাদে শেষৰ বলত তিনিটা উইকেটত মুলতানক পৰাস্ত কৰে। খেলখনৰ শেষৰ বলত ১৬০ ৰানৰ লক্ষ্যত উপনীত হয় ইছলামবাগে। সময়ে সময়ে পি এছ এলক আই পি এলৰ লগত তুলনা কৰাসকলে জানি আচৰিত হ’ব যে পাকিস্তান ছুপাৰ লীগৰ পুৰস্কাৰৰ ধন মহিলাৰ আই পি এল অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লীগৰ তুলনাত কম। পিএছএল ২০২৪ৰ খিতাপ জয় কৰাৰ বাবে ছাদাব খানৰ দলটোৱে আৰচিবিৰ মহিলা দলতকৈ কম ভাৰতীয় টকা লাভ কৰে। আচলতে ইছলামবাদ ইউনাইটেডে পি এছ এল ২০২৪ খিতাপ জয় কৰাৰ বাবে প্ৰায় ৪.১৩ কোটি টকা লাভ কৰিছিল। আনহাতে আৰ চি বি মহিলা দলে ডব্লিউ পি এল চেম্পিয়ন হোৱাৰ বাবে ৬ কোটি টকা লাভ কৰে। যোৱা বছৰ আই পি এল ২০২৩ খিতাপ দখল কৰা চেন্নাই ছুপাৰ কিংছে পুৰস্কাৰ হিচাপে লাভ কৰিছিল ২০ কোটি টকা। অৰ্থাৎ আই পি এলৰ পুৰস্কাৰৰ ধন পি এছ এলৰ পুৰস্কাৰৰ ধনতকৈ প্ৰায় পাঁচগুণ বেছি। পি এছ এল ২০২৪ৰ ৰানাৰ্ছ আপ মুলতান চুলতানছক প্ৰায় ১.৬৫ কোটি টকা দিয়াৰ বিপৰীতে আই পি এল ২০২৩ৰ ৰানাৰ্ছ আপ গুজৰাট টাইটানছক ১২.৫ কোটি টকা প্ৰদান কৰা হয়। মহিলা প্ৰিমিয়াৰ লীগৰ কথা ক’বলৈ গ’লে ৰানাৰ্ছ আপ দুগৰাকী দিল্লী কেপিটেলে লাভ কৰিছিল প্ৰায় ৩ কোটি টকা।

You might also like