নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত ইডিৰ দল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হয় ইডিৰ দল। কেন্দ্রীয় তদন্তকাৰী সংস্থা (ইডি)ই কেজৰিৱালক এই গোচৰৰ সোধা-পোছাৰ বাবে এইপৰ্যন্ত ৯খন চমন প্রেৰণ কৰিছে যদিও কেজৰিৱাল বাৰে বাৰে প্ৰত্যাখ্যান কৰি আছে। নৱম চমনত আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক আজি হাজিৰ হ’বলৈ কোৱা হৈছিল। এই সন্দৰ্ভত কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ইয়াৰ পৰা তেওঁ সকাহ নাপালে। আজি উচ্চ ন্যায়ালয়ে আবকাৰী নীতিৰ সৈতে জড়িত ধন গোচৰত কেজৰিৱালক শাস্তিমূলক ব্যৱস্থাৰ পৰা কোনো ধৰণৰ সুৰক্ষা দিবলৈ অস্বীকাৰ কৰিছিল। ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু ন্যায়াধীশ মনোজ জৈনৰ বিচাৰপীঠে ২২ এপ্ৰিলত অধিক বিবেচনাৰ বাবে কেজৰিৱালৰ আবেদনৰ তালিকা প্ৰস্তুত কৰিছে। চমনক প্ৰত্যাহ্বান জনাই তেওঁৰ মূল আবেদনৰ শুনানিও ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব। দৰাচলতে অৰবিন্দ কেজৰিৱালে এই চমনক ৰাজনৈতিক প্ৰতিশোধৰ কাম বুলি অভিহিত কৰি ইডিৰ সন্মুখত এবাৰো হাজিৰ হোৱা নাই। ইডিয়ে দাবী কৰিছে যে আবকাৰী নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাত দুৰ্নীতি হৈছে। এই গোচৰত ন্যায়িক জিম্মাত আছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু আপ নেতা সঞ্জয় সিং।

You might also like