নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালেৰ বাহন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (এ)ৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালেৰ গাড়ীত সতৰাৰ ৱাইত দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, হঠাতে কণ্টেইনাৰখনে ব্ৰেক লোৱাৰ ফলত তেওঁৰ গাড়ীখন কণ্টেইনাৰৰ সৈতে খুন্দা মাৰে। তথ্য অনুসৰি এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই। কোৱা হৈছে যে তেওঁৰ গাড়ীৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হৈছে। ৰামদাস আথাৱালে কেন্দ্ৰৰ মোদী চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ ৰাজ্যিক মন্ত্ৰী।

You might also like