নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ শংকা, ছৌদি আৰবত নিষিদ্ধ বিদেশী তীর্থযাত্রী

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ ঘাতক ক’ৰোনা ভাইৰাছৰ শংকাত ছৌদি আৰবত বিদেশী তীর্থযাত্রী–পর্যটক প্রৱেশ সাময়িকভাৱে বাতিল কৰা হৈছে৷ ছৌদি আৰবৰ বৈদেশিক মন্ত্রালয়ে আজি এক বিবৃতিযোগে প্রকাশ কৰা মতে দেশখন ভ্রমণৰ ক্ষেত্রত বিদেশী তীর্থযাত্রীৰ প্রৱেশৰ লগতে মেডিনাৰ প্রফেট মছজিদত সাময়িকভাৱে প্রৱেশ নিষিদ্ধ কৰা হৈছে৷ উমৰাহৰ বাবে দেশলৈ অহা কোনো তীর্থযাত্রী–পর্যটক মছজিদত প্রৱেশৰ অনুমতি দিয়া নহ’ব৷ উল্লেখ্য যে চীনত সংহাৰী ৰূপ লোৱা ঘাতক ক’ৰোনা ভাইৰাছত ইতিমধ্যে বিশ্বৰ ২৬খনতকৈ অধিক দেশত শংকাময় পৰিৱেশ এটাৰ সৃষ্টি কৰাৰ সময়তে ছৌদি আৰবতো এই ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহ ঘনীভূত হৈছিল৷ এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই দেশখনৰ বৈদেশিক মন্ত্রালয়ে মছজিদত বিদেশী নাগৰিকৰ প্রৱেশ নিষিদ্ধ কৰাৰ লগতে উপসাগৰীয় দেশসমূহৰ পৰা অহা নাগৰিকক প্রদান কৰা পৰিচয়–পত্রও সাময়িকভাৱে বন্ধ ৰখা হৈছে৷ ৰাষ্ট্রীয় পৰিচয়–পত্র অবিহনে কোনো লোকেই দেশখনত প্রৱেশ কৰাটো নিষেধাজ্ঞা আছে৷

You might also like