স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী আছিল নেতাজী!
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ এপ্ৰিলঃ লোকসভা নির্বাচনৰ সময়ত কংগণা ৰানাৱটৰ পুৰণি ভিডি’ এটাক লৈ ৰাজনীতি উত্তাল কৰিছে বিৰোধী দলে৷ বিজেপিবিৰোধী দলসমূহে ১০ বছৰীয়া পুৰণি এই ভিডি’টোক লৈ আৰম্ভ কৰিছে বিতর্ক৷ নেতাজী সুভাষ চন্দ্র বসুৰ অন্তর্ধানক লৈ ‘টাইমছ নাও ছামিট’ত মন্তব্য কৰিবলৈ গৈ সুভাষ চন্দ্র বসুক স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী বুলি অভিহিত কৰিছিল কংগণাই৷ ইয়াকে লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ ২০১৪ চনৰ কংগণাৰ সেই পুৰণি মন্তব্য লোকসভা নির্বাচনৰ পূর্বে পুনৰ সামাজিক মাধ্যমত বিয়পি পৰিছে৷ সেই ভিডি’টোত কংগণাই উল্লেখ কৰিছিল যে দেশবাসীয়ে স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতৰ প্রথম প্রধানমন্ত্রী নেতাজী সুভাষ চন্দ্র বসু আছিল৷ সুভাষ চন্দ্র বসু ক’ত গ’ল বুলিও প্রশ্ণৰ অৱতাৰণা কৰিছিল কংগণাই৷