নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ আয়ুসক লৈ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ এপ্ৰিলঃ বজ্রপাতৰ ফলত হেনো দৃষ্টিশক্তি সম্পূর্ণৰূপে হেৰুৱাই পেলাইছিল৷ তাৰ পাছতেই অলৌকিক শক্তিৰ অধিকাৰী হয় বাবা ভাংগা৷ অন্ধকাৰৰ মাজতো খুলি যায় আশ্চর্যৰ পোহৰৰ খিৰিকী৷ ভৱিষ্যৎ দেখাৰ ক্ষমতা অর্জন কৰে বুলগেৰিয়াৰ এই বিশ্ববিখ্যাত মহিলা বাবা ভাংগাই৷ এই যুগৰ ‘নষ্ট্রাদামুছ’ বুলি কোৱা হয় বাবা ভাংগাক৷ ১৯৯৬ চনত দেহাৱসান ঘটাৰ পূর্বে বাবা ভাংগাই যিবোৰ কৈ গৈছিল, তাৰ ভিতৰত কেইবাটাও ভৱিষ্যদ্বাণী হুবহু মিলি গৈছে৷ এই বাবা ভাংগাই নিজৰ ভৱিষ্যদ্বাণীত হেনো পৃথিৱী কেতিয়া ধ্বংস হ’ব, সেই কথাও উল্লেখ কৰি গৈছে৷ ইতিমধ্যে বাবা ভাংগাই ভৱিষ্যদ্বাণীৰ ভিতৰত চাইবাৰ যুদ্ধ, সন্ত্রাসবাদৰ উত্থান, চিকিৎসাত বিপ্লৱ, জলবায়ু পৰিৱর্তনে কঢ়িয়াই অনা বিপর্যয় আদি বিষয়বোৰ মিলি গৈছে৷ এই ভৱিষ্যদ্বাণীবোৰ সত্য বুলি প্রমাণিত হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্রকৃতিয়ে প্রতিশোধ ল’ব বুলি উল্লেখ কৰিছিল বাবা ভাংগাই৷ ইতিমধ্যে হুবহু এই ভৱিষ্যদ্বাণী মিলি যোৱা বুলি দাবী কৰিছে বহুতে৷ আমেৰিকাত সন্ত্রাসবাদী আক্রমণৰ ভৱিষ্যদ্বাণীও কৰি গৈছিল বাবা ভাংগাই৷ ইফালে, চিকিৎসা বিজ্ঞানত দুৰাৰোগ্য কর্কট তথা আলজেইমাৰৰ দৰে ৰোগৰ দৰব আৱিষ্কাৰ হ’ব বুলিও বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল৷ তেনে বহু ভৱিষ্যদ্বাণী সত্য বুলি প্রমাণিত হৈছে৷ এইগৰাকী ভৱিষ্যদ্রষ্টা বাবা ভাংগাৰ ভৱিষ্যদ্বাণী শেষ হৈছে ৫০৭৯ চন পোৱাৰ লগে লগে৷ অর্থাৎ ৫০৭৯ চনত পৃথিৱী ধ্বংস হ’ব বুলি ধাৰণা কৰিছে বিভিন্ন মহলে৷ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী শেষ হোৱা মানেই পৃথিৱীৰ আয়ুস শেষ হ’ব বুলি বহুতে ধাৰণা কৰিলেও বিজ্ঞানীসকলে ইয়াক মানি ল’ব নিবিচাৰে৷ যদি বাবা ভাংগাৰ কথা মানি লোৱা হয়, তেন্তে পৃথিৱীৰ আয়ুস আৰু প্রায় ৩,০০০ বছৰ বাকী আছে৷ কিন্তু বিজ্ঞানীসকলে দাবী কৰা অনুসৰি ইয়াৰ পূর্বেই পৃথিৱীত এনে বহু প্রাকৃতিক পৰিঘটনাৰ সৃষ্টি হ’ব, যিবোৰে এই নীলা গ্রহৰ জীৱকুললৈ নমাই আনিব বিপর্যয়৷ অর্থাৎ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ শেষ হোৱাৰ পূর্বে পৃথিৱী ধ্বংস হ’ব পাৰে৷

You might also like