লোকসভাত প্রথমবাৰ কম আসনত প্রতিদ্বন্দ্বিতা কংগ্রেছৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ এপ্ৰিলঃ লোকসভা নির্বাচনত এইবাৰ আটাইতকৈ কম আসনত প্রতিদ্বন্দ্বিতা কৰিব শতাব্দী প্রাচীন ৰাজনৈতিক দল কংগ্রেছে৷ দলৰ ইতিহাসত এয়া হ’ব এক নজিৰ৷ ইফালে বাঁওপন্থী চিপিআই(এম) দলেও ৫ দশকৰ ভিতৰত আটাইতকৈ কম আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ এতিয়ালৈকে কংগ্রেছে ২৩৫খন আসনত প্রার্থী ঘোষণা কৰিছে৷ এতিয়াও পঞ্জাব, হাৰিয়ানা, দিল্লী, হিমাচল প্রদেশৰ দৰে কেইবাখনো ৰাজ্যত দলটোৱে প্রার্থী ঘোষণা কৰিব পৰা নাই৷ ইয়াৰ উপৰি ওড়িশা, অন্ধ্রপ্রদেশ, উত্তৰ প্রদেশ, বিহাৰ, গুজৰাট, মহাৰাষ্ট্র আৰু পশ্চিমবংগতো বহু আসনত প্রার্থী ঘোষণা কৰিবলৈ বাকী আছে দলটোৰ৷ এতিয়ালৈকে দেশৰ প্রতিটো লোকসভা নির্বাচনত কংগ্রেছ দলে ৪ শতাধিক প্রার্থী প্রক্ষেপ কৰি আহিছে৷ কিন্তু এইবাৰ ৩ শতাধিক প্রার্থীও দলটোৱে প্রক্ষেপ কৰিব পাৰিবনে নাই, তাত সন্দেহ আছে৷ ইফালে, চিপিআই(এম) দলে সমগ্র দেশত মাত্র ৫০খন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ দলটোৱে প্রথমবাৰলৈ অতি কমসংখ্যক আসনত প্রার্থী প্রক্ষেপ কৰিবলৈ ওলাইছে৷ ইয়াৰ মূল কাৰণ হৈছে দুয়োটা দলৰ সাংগঠনিক দুর্বলতা৷ বিভিন্ন পর্যায়ত সংগঠন দুর্বল হোৱা বাবেই আজি এই পৰিস্থিতিৰ সন্মুখীন হৈছে দল দুটা৷