নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছলাম ধৰ্মাৱলম্বী যুৱকে নিপুল কলিতাক ওভতালে ৬৬ লাখ ৫০ হাজাৰ টকা

🔹 ৰমজান মাহত বিলাসীপাৰাত মহানুভৱতাৰ উৎকৃষ্ট নিদৰ্শন

বিশেষ বাৰ্তা, ৬ এপ্ৰিল : পবিত্ৰ ৰমজান মাহত এক মহানুভৱতাৰ পৰিচয় দিলে এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে। ভুলক্ৰমে অহা ৬৬ লাখ ৫০ হাজাৰ টকা ওভতাই দিলে এজন ব্যৱসায়ীক। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাত। উল্লেখ্য যে যোৱা ৩ এপ্ৰিলত বিলাসীপাৰাৰ সৰবেশ আলীৰ বেংক একাউন্টত হঠাতে ৬৬ লাখ ৫০ হাজাৰ টকা সোমায়। বৃহৎ অংকৰ ধন একাউন্টত সোমোৱাত যুৱকজন চিন্তিত হৈ পৰে। এই ধন ক’ৰ পৰা কোনে  কি কাৰণত সোমাই দিলে? পিছত বেংকৰ লগত যোগাযোগ কৰাত এই ধন নলবাৰীৰ এজন ঠিকাদাৰ নিপুল কলিতাৰ বুলি জানিব পাৰে। পিছত ফোনযোগে যোগাযোগ কৰি বিলাসীপাৰালৈ তেওঁক মাতি পঠিয়ায়।আজি কলিতাক তেওঁৰ সমুদায় ধন ঘূৰাই দিয়ে। মধ্যবিত্ত যুৱকজনৰ মহানুভৱতাৰ প্ৰতি আকৃষ্ট হৈ ব্যৱসায়ী কলিতাই পুৰস্কাৰ হিচাপে ৫০ হাজাৰ টকা আগবঢ়ায়। পিছে পুৰস্কাৰ লোৱাটো দূৰৈৰ কথা, আলীয়ে ওলোটাই কলিতাক চাহ-পানীৰে আপ্যায়ণ কৰি পঠিয়াই দিয়ে। সম্প্ৰতি আত্মকেন্দ্ৰিকতাময় হৈ পৰা সমাজখনত ইজনে সিজনৰ লগত মাত এষাৰ দিবলৈও সময়ৰ নাটনি হৈ পৰিছে। তেনে সময়ত এইজন ইছলাম ধৰ্মাৱলম্বী যুৱকে নিপুল কলিতাৰ প্ৰতি দেখুওৱা মহানুভৱতা সঁচাকৈ প্ৰশংসনীয়। সমাজত সমন্বয় আৰু সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰাত বিলাসীপাৰাবাসীয়ে যুৱকজনক প্ৰশংসাৰে উপচাই দিয়াৰ লগতে শলাগ লৈছে। এতিয়াও ভাল মনৰ মানুহ জীয়াই আছে, সেয়ে সমাজখন সন্তুলিত হৈ আছে। ইয়াকে যেন প্ৰমাণিত কৰিলে এই যুৱকজনে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like