নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা ৯ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ পৰিছে। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে। আজি মৰিগাঁও সমষ্টিত সংযোজিত লাহৰীঘাটৰ কুশতলীত আবেলি নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই বিশাল নিৰ্বাচনী প্ৰচাৰ চলায় । এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীসহ দলীয় নেতৃত্ব। দেউৰীয়ে ভাষণত ৰাইজক অহা ২৬ এপ্ৰিলত বিজেপিত ভোট দিবলৈ অনুৰোধ জনায়। লগতে ভোট বিচাৰি যোৱা কংগ্ৰেছীসকলক বুটী বাঢ়নী লৈ খেদিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়।একেদৰে সভাখনত প্ৰাৰ্থী সুৰেশ বৰাই ৰাইজক বিজেপিক ভোট দি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী বনাবলৈ অনুৰোধ জনায়। ইফালে, নিৰ্বাচনী সভাসমূহত ৰাইজৰ সমাগম দেখি নগাঁও লোকসভা সমষ্টিত তেওঁৰ জয় নিশ্চিত বুলি কয়। আনহাতে, বিধায়ক আচিফ নাজাৰে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক বন্দুকধাৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিদ্যাধাৰী আখ্যা দিয়ে আৰু বন্দুকধাৰীক নহয়, বিদ্যাধাৰীক ভোট দিবলৈ ৰাইজক আহ্বান জনোৱা সন্দৰ্ভত বিজেপি প্ৰাৰ্থী বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়- ৰাইজে কি বিচাৰে,ৰাইজে সদায় বিচাৰে উন্নয়ন। ৰাইজ সচেতন। লাহৰীঘাটত এটা পৰিয়ালে ৪৫ বছৰে ৰাইজক ঠগি ৰাজভোগ কৰি থাকিলে সেয়া ৰাইজে দেখিলে। লাহৰীঘাটত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ দুখনকৈ সভাত ৰাইজৰ সমাগম দেখি তেওঁলোকে এতিয়া আবোল তাবোল বলকিব ধৰিছে। যিয়েই নকওক, নগাঁৱত জয় আমাৰেই নিশ্চিত বুলি সুৰেশ বৰাই সংবাদ মাধ্যমৰ আগত কয়। উল্লেখ্য যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে কুশতলী, গেৰুৱা, ডোংগাৰপাৰা, ভূৰাগাঁও আৰু জৰিবৰত নিৰ্বাচনী সভাৰ জৰিয়তে মাৰাথন প্ৰচাৰ চলায়।
প্ৰেৰক আবুল কালাম