নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াত আৰক্ষী অধীক্ষকৰ চহী জালিয়াতিৰে হোমগার্ডে সৰকালে লক্ষাধিক টকা

নিয়মীয় বার্তা, শদিয়া, ১০ এপ্রিল : শদিয়াৰ পৰা পোহৰলৈ আহিছে ৰাজ্যত বেংক জালিয়াতিৰ এক ভয়ংকৰ তথ্য৷ জানিব পৰা মতে, শদিয়া আৰক্ষী জিলাৰ পূর্বৰ আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি চন্দ্র বৰগোহাঁই নামৰ এজন গৃহৰক্ষী জোৱানে জালিয়াতিৰে ঋণ আবেদন কৰি এছ বি আই বেংকৰ পৰা সৰকায় প্রায় ছয় লাখ টকা। কিন্তু শেহতীয়াকৈ এছ বি আইৰ প্রতিবেদনত এই তথ্য পোহৰলৈ আহে আৰু ইয়াৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু এই গোচৰৰ ভিত্তিত চলিছে তদন্ত৷ আনহাতে, ইয়াৰ পিছতে শদিয়া আৰক্ষীৰ হাতলৈ আহি পৰিছে বহু চাঞ্চল্যকৰ তথ্য আৰু পোহৰলৈ আহিছে এই কাণ্ডৰ লগত জড়িত ডিগবৈৰ ৰুণু হাজৰিকা নামৰ এগৰাকী ভুৱা সাংবাদিকৰ নাম৷ নিজকে এছ বি আই ৰিক’ভাৰী এজেণ্ট বুলি চিনাকি দিয়া সাংবাদিকগৰাকীৰ নেক্সাছত এই সমগ্র ঘটনা হোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ ইতিমধ্যে শদিয়া আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত শদিয়াৰ ২জনকৈ গৃহৰক্ষী জোৱান ক্রমে চন্দ্র বৰগোহাঁই (৩৮), অজিত দলে (৩৭)ৰ লগতে ডিগবৈৰ পৰা  প্ৰথম আৰক্ষী এ পি বি এনৰ ভদ্রেশ্বৰ দাস (৩৪) আৰু ডিগবৈৰে এটা কম্পিডটাৰ কেন্দ্রৰ গৰাকী আব্দুল ৰহমান (৪৫)ক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই জালিয়াতিৰ লগত জড়িত সমগ্র ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰিক’ভাৰী এজেণ্ট ৰূপী পর্টেলৰ সাংবাদিক ডিগবৈৰ ৰুণু হাজৰিকাক গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটীত আটক কৰিছে৷ উল্লেখযোগ্য যে চন্দ্র বৰগোহাঁই নামৰ শদিয়াৰ এই হোমগার্ডজনে এটা ঋণৰ প্রয়োজন হোৱাৰ কথা প্রথমে শদিয়াৰ অজিত দলে নামৰ হোমগার্ডজনক অৱগত কৰে৷ ইয়াৰ পিছতে তেওঁ ডিগবৈৰ প্রথম আৰক্ষী বেটেলিয়নত কর্মৰত ভদ্রেশ্বৰ দাসৰ সৈতে পৰিচয় কৰাই দিয়াত দাসে এছ বি আই এজেণ্টৰ লগতে ভুৱা সাংবাদিকৰূপী ডিগবৈৰ ৰুণু হাজৰিকা (৪৩)ৰ সৈতে যোগসূত্র স্থাপন কৰাই দিয়ে আৰু এই সমগ্র কাণ্ডৰ মাষ্টাৰ মাইণ্ডৰ নেতৃত্বত ডিগবৈৰ এখন কম্পিডটাৰ দোকানৰ গৰাকী আব্দুৰ ৰহমানৰ দোকানত হোমহার্ড চন্দ্র বুঢ়াগোহাঁয়ে আৰক্ষী কনিষ্টবলৰ ভুৱা আইকার্ড বনাই বেংকত নিজকে কনিষ্টবলৰ পৰিচয় দি আৰক্ষী অধীক্ষকৰ জালিয়াতিৰে স্বাক্ষৰ গ্রহণ কৰি এছ বি আইৰ পৰা লোনৰ বাবে আবেদন কৰিছিল৷ ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে ৰুণু হাজৰিকাক শদিয়া আৰক্ষীৰ হাতত গতাই দিছে বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ অধীনত ১৮/২৪ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে আৰু আটাইকেইজনকে অধিক তদন্তৰ বাবে শদিয়া আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে৷

You might also like