🔹 ছোনিয়া পুত্রক তীব্র কটাক্ষ মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১১ এপ্রিল : অহা ১৭ এপ্রিলত কংগ্রেছ নেতা ৰাহুল গান্ধী নির্বাচনী প্রচাৰ চলাবলৈ অসমলৈ আহিব৷ যোৰহাট আৰু ডিব্রুগড়ত ৰাহুল গান্ধীয়ে কংগ্রেছ তথা বিৰোধী ঐক্যৰ প্রার্থী ক্রমে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ হৈ প্রচাৰ চলাব৷ কালি গহপুৰত ৰাহুল গান্ধীৰ অসম ভ্রমণ সম্পর্কত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাহুল গান্ধী অসমলৈ আহিলে ভাল হয়৷ আমাৰ ভোট বাঢ়িব৷ অসমৰ সকলো সমষ্টিলৈ তেওঁ আহক৷ তেওঁৰ থকা–খোৱাৰ কিবা সুবিধা কৰিব লাগিলে বিজেপিয়ে কৰি দিব৷ তেওঁ যিমানে অসমলৈ আহিব, কিবা নহয় কিবা এটা অদ্ভুত কথা কৈ যাব৷ তাৰ ফলত বিজেপিৰ ভোট প্রতিটো সমষ্টিতে ৪০–৫০ হাজাৰ বাঢ়ি যাব৷ আনহাতে, ৰাজ্যৰ ১৪খন লোকসভা আসনৰ ভিতৰত ধুবুৰীৰ বাহিৰে আটাইকেইখনতে বিজেপি নেতৃত্বাধীন মিত্রজোঁট আশাবাদী বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই ১৩খন পাম বুলি কৈ আহিছোঁ৷ পৰহি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ১২খনৰ কথা কৈছে৷ তেওঁৰ হাতত বেছি ৰিপ’ৰ্ট থাকে৷ কিন্তু মোৰ ইচ্ছা ১৩টাত গ’ল দিয়াৰ৷ ধুবুৰীৰ আসনখন কংগ্রেছ–এআইইউডিএফৰ মাজত কোনে পায় ক’ব নোৱাৰোঁ, আমিও চেষ্টা কৰিম৷ বাকী ১৩খন আসনত আমি জয়ী হ’ম৷ ইপিনে, অংগনৱাড়ী কর্মী–সহায়িকাসকল চিটুৰ লগত যোগ দি আন্দোলন কৰা কার্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চিটু হ’ল এটা বাঁওপন্থী সংগঠন৷ তেওঁলোক যিমানদিন চিটুৰ লগত থাকিব আমি একো কৰিব নোৱাৰোঁ৷ চিটু যাতে অসমত নহয় সেইটো চোৱাই মোৰ দায়িত্ব৷ অংগনৱাড়ী কর্মী–সহায়িকাসকলৰ দৰমহা আদিক লৈ কিবা সমস্যা আছে সেয়া বেলেগ বিষয়৷ কিন্তু চিটুৰ লগত থাকিলে তেওঁলোকৰ একো নহ’ব৷ তেওঁলোক চিটুৰ লগত থাকিলে অসম চৰকাৰে তেওঁলোকৰ সৈতে কোনো আলোচনা নকৰে৷ আছু, যুৱ–ছাত্র পৰিষদ, অসম সাহিত্য সভাৰ দৰে অসমত যথেষ্ট সংগঠন আছে৷ তেওঁলোকে সেই সংগঠনৰ লগতো লগ লাগিব পাৰে৷ কিন্তু কেৰালাৰ পৰা চিটুক কিয় লৈ আহিল? চিটুৱে কণ কণ শিশুসকলৰো জীৱন বেয়া কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিশুসকলকো সর্বহাৰা, পুঁজিপতি, ধনী–দুখীয়া আদি কথা শিকাব৷ সেয়ে তেওঁ অংগনৱাড়ী কর্মী–সহায়িকাসকলক চিটুৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনায়৷