নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ২০ সহস্ৰাধিকে আদায় কৰিলে ঈদৰ নামাজ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিল : আজি ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিটৰ। সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহীহাটতো ফাকলি আঞ্চলিক ঈদগাহ ময়দানত দেখা গৈছে সমূহীয়া নামাজৰ দৃশ্য। ২০ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ। ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজত ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে নগাঁৱৰ উত্তৰ অঞ্চলৰ একমাত্ৰ সৰ্ববৃহৎ ফাকলি আঞ্চলিক ঈদগাহ আটকধুনীয়াকৈ সজাই-পৰাই তুলিছিল ঈদগাহ কমিটীয়ে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like