বিশেষ বাৰ্তা, ২৫ এপ্রিল : সদৌ অসম সাংবাদিক সন্থা (আজু) আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজকর্মী, সমাজ সংগঠক তথা গৰিবৰ বন্ধু ৰোহিণী মেধিৰ স্মৃতিত বাসনা সাহিত্য গোষ্ঠীয়ে প্রতিবছৰে প্রদান কৰি অহা ৰোহিণী মেধি সোঁৱৰণী প্রেৰণা বঁটা–২০২৪ বর্ষৰ বাবে নির্বাচিত কৰিছে ‘নিয়মীয়া বার্তা’ কাকতৰ উপ–সম্পাদক প্রদীপ গগৈক৷ দীর্ঘদিন ধৰি সততা, নিষ্ঠা আৰু সাহসিকতাৰে সংবাদ সেৱা কৰি অহাৰ বাবে তেওঁক বিশিষ্ট সাংবাদিক প্রয়াত ৰোহিণী মেধিৰ নৱম মৃত্যুবার্ষিকী তিথিত নলবাৰী কাজিপাৰাত এহ বঁটাটো প্রদান কৰা হ’ব বুলি বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধিয়ে এক প্রেছ বিজ্ঞপ্তিযোগে জনাইছে৷ উল্লেখ্য যে উত্তৰ গুৱাহাটী নিৱাসী নৰেন গগৈ আৰু ৰুমী গগৈৰ জ্যেষ্ঠ পুত্র প্রদীপ গগৈ প্রায় এক দশক কাল ৰাজ্যৰ সংবাদ ক্ষেত্রখনলৈ অৰিহণা আগবঢ়াহ আহিছে৷
Prev Post
You might also like