নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাবাং খানৰ গেলেক্সি এপাৰ্টমেণ্টত গুলীওৱা অভিযুক্তৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : ছলমান খানৰ ঘৰত গুলীচালনাৰ ঘটনাত প্ৰতিদিনে আহি আছে নতুন নতুন আপডেট। এই গোচৰত অভিযুক্ত বিকি গুপ্তা (২৪), সাগৰ পাল (২১) আৰু অনুজ থাপন (৩২) আৰক্ষীৰ জিম্মাত আছে। শেহতীয়াকৈ ছলমান খানৰ ঘৰত গুলীচালনা কৰা লোকসকলৰ এজনে আত্মহত্যাৰ চেষ্টা চলোৱাৰ খবৰ আহিছিল। এতিয়া সেই ব্যক্তিজনৰ মৃত্যু হৈছে। সেই ব্যক্তিজনৰ নাম অনুজ থাপন। জিটি হাস্পতালত চিকিৎসাৰ সময়তে মৃত্যু হয় অভিযুক্ত অনুজ থাপনৰ। এই গোচৰত মুম্বাইৰ আজাদ ময়দান আৰক্ষীয়ে এডিআৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। উল্লেখ্য যে ১৪ এপ্ৰিলৰ পুৱা ছলমান খানৰ ঘৰৰ গেলেক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনাৰ খবৰ আহিছিল। এই খবৰে সকলোকে স্তম্ভিত কৰি তুলিলে। দুজন লোকে বাইকত আহি ছলমানৰ ঘৰৰ বাহিৰত ৫ ৰাউণ্ড গুলীয়াই পলাই যায়। ইয়াৰ পিছত দুয়োজন অভিযুক্তই তিনিবাৰকৈ কাপোৰ সলনি কৰিলে যাতে চিনি পোৱা নাযায়। আৰক্ষীয়ে আদালতক জনাইছিল যে তেওঁলোকৰ হাতত ৪০টা গুলী আছে। ছচিয়েল মিডিয়াৰ জৰিয়তে ছলমান খানৰ ঘৰৰ বাহিৰত এই গুলীচালনাৰ দায়িত্ব লৈছিল লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোলে। এই গোচৰত অভিযুক্ত বিকি গুপ্তা, সাগৰ পাল আৰু অনুজ থাপনক ৮ মে’লৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। এতিয়া অনুজ থাপনে আত্মহত্যা কৰিছে। ছলমানৰ ঘৰৰ বাহিৰত যেতিয়া গুলীচালনা সংঘটিত হয় তেতিয়া তেওঁৰ সকলো অনুৰাগী আৰু পৰিয়ালৰ সদস্য ভয় খাইছিল। ছলমানৰ ভাতৃ আৰ্বাজ খানে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁৰ পৰিয়াল ভয়ংকৰ আৰু স্তম্ভিত হৈ পৰিছে। এই ঘটনাৰ পিছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে ছলমান খানক সাক্ষাৎ কৰে। তেওঁ ছলমান খানৰ ঘৰলৈ যায়। এই সময়ছোৱাত ছলমানৰ পিতৃ চেলিম খানো উপস্থিত আছিল। মুখ্যমন্ত্ৰীয়ে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছিল ছলমান আৰু পৰিয়ালক। এই ঘটনাৰ পিছত এতিয়া ছলমান খান কৰ্মক্ষেত্ৰলৈ ঘূৰি আহিছে। ডুবাইত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে। সঞ্জয় লীলা ভাঞ্চালীৰ ৱেব চিৰিজ হীৰামণ্ডিৰ প্ৰদৰ্শনতো তেওঁক দেখা গৈছিল।

You might also like