নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ কিশোৰীক দলবদ্ধ ধর্ষণ কৰি হত্যাৰ এক জঘন্য কাণ্ডই জোকাৰি গৈছে গহপুৰ৷ গহপুৰ আৰক্ষী থানাৰ অন্তর্গত ৰজাবাৰীৰ ১নং চকলাত ৭টাকৈ নৰপিশাচে একেখন গাঁৱৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক ধর্ষণ কৰি হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ জানিব পৰা মতে, উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা শেষ হোৱা বাবে নিশা ভোজ ভাত খাইছিল গাঁওখনৰ পৰীক্ষা দিয়া কেইজনমান যুৱকে৷ যুৱককেইজনৰ সমনীয়া ভাস্কৰ মেধি নামৰ এজন যুৱকে গাঁওখনৰে কিশোৰীগৰাকীক ঘৰৰ পৰা ভোজ খাবলৈ মাতি নিছিল৷ সেই সুযোগতে নৰপিশাচকেইটাই পথাৰৰ মাজৰ এখন হাবিৰ মাজত কিশোৰীগৰাকীক নি উপর্যুপৰি ধর্ষণ কৰে আৰু পাছত হত্যা কৰে৷ ঘটনাটো গাপ দিবলৈ নৰপিশাচকেইটাই হাবিখনৰে এজোপা গছত ১২ ফুটমান ওপৰত ওলমাই ৰাখি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে৷
প্রথম অৱস্থাত কিশোৰীগৰাকী কাৰোবাৰ লগত পলাই যোৱা বুলি সন্দেহ কৰিছিল ৰাইজে৷ কিন্তু ১০মান বজাত গাঁৱৰ লোকে কিশোৰীগৰাকী উক্ত হাবিখনৰ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে৷ পাছত গহপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ পৰিয়ালৰ লোকে ভাস্কৰ মেধি, উমেশ পাতিৰি, অংকুশ পেগু, মিলনজ্যোতি দলে, বিকাশ পেগু, অজিত পেগু আৰু লোহিত দলেৰ বিৰুদ্ধে তীব্র অভিযান আৰম্ভ কৰে৷ অভিযুক্ত ভাস্কৰে আৰক্ষীৰ ওচৰত ধৰা দিয়াৰ বিপৰীতে বিয়লি উমেশ পাতিৰিক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী৷ একাংশ লোকৰ মতে উমেশৰ সৈতে কিশোৰীগৰাকীৰ প্রেমৰ সম্বন্ধ আছিল৷ গাঁওবাসীয়ে বাকী পাঁচটা নৰপিশাচক শীঘ্রে আটক কৰিবলৈ দাবী জনোৱাৰ লগতে এই জঘন্য ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ফার্ষ্ট ট্রেক আদালতত বিচাৰ চলাই ফাঁচি দিয়াৰ দাবীও জনায়৷