নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছঃ ইৰানত মৃতকৰ সংখ্যা ৫৪জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২ মার্চঃ চীনত সৃষ্ট ক’ৰোনা ভাইৰাছ এতিয়া সমগ্র বিশ্বৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে ৷ শেহতীয়া তথ্য মতে এই ৰোগত আক্রান্ত হৈ এতিয়ালৈকে ইৰানত ৫৪জন লোকে প্রাণ হেৰুৱাইছে ৷ দেশখনত আন ৯৮৭জন লোক এই ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা বুলি এক সূত্রত প্রকাশ ৷ ইফালে আমেৰিকা যুক্তৰাষ্ট্রত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ প্রথমজন লোকে প্রাণ হেৰুওৱাৰ পাছত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভ্রমণৰ ক্ষেত্রত সীমাবদ্ধতা আৰোপ কৰিছে ৷ মার্কিন ৰাষ্ট্রপতিজনে শনিবাৰে ইৰান, দক্ষিণ কোৰিয়া আৰু ইটালীৰ পৰা দেশখনলৈ আহিব লগা যাত্রীৰ ক্ষেত্রত সীমাবদ্ধতা আৰোপ কৰিছে ৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ সমগ্র বিশ্বত এতিয়ালৈকে ২৯০০জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে বিশ্বজুৰি আক্রান্ত হোৱা লোকৰ সংখ্যা ৮৬ হাজাৰতকৈ অধিক৷ ইফালে শুকুৰবাৰে এই ভাইৰাছত আক্রান্ত বুলি সন্দেহ কৰা মালয়েছিয়াৰ পৰা অহা কেৰেলাৰ এজন  ৩৬ বছৰীয়া যুৱকৰ ৰাজ্যখনত মৃত্যু হয় ৷

You might also like