নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰ দায়বদ্ধ

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠী এক স্বকীয় বৈশিষ্ট্যপূর্ণ জনগোষ্ঠী৷ নিজা কৃষ্টি–সংস্কৃতি আৰু ইতিহাসসমৃদ্ধ জনগোষ্ঠীটোৱে নিজৰ অধিকাৰৰ বাবে দীর্ঘদিনৰ পৰা যুঁজি আহিছে৷ বিশেষকৈ জনজাতিকৰণৰ বাবে দি অহা যুঁজখনৰ স’তে মই সহমত প্রকাশ কৰিছোঁ৷ –এই বক্তব্য সাংসদ দিলীপ শইকীয়াৰ৷ দৰং জিলা কোচ সন্মিলনীৰ ৭২সংখ্যক দ্বি–বার্ষিক অধিৱেশনৰ দেওবাৰে মুকলি সভাত সন্মানীয় অতিথিৰ আসনৰ পৰা এইবক্তব্য আগবঢ়ায়৷ একে বক্তব্যত তেওঁ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্রত বিজেপি চৰকাৰ দায়বদ্ধ বুলি কৈ নৰেন্দ্র মোদীৰ নেতৃত্বৰ চৰকাৰৰ কার্যকালতে কোচ ৰাজংশীসকলে ভাল খবৰ পাব বুলি বক্তব্য আগবঢ়ায়৷ জিলা সন্মিলনীৰ সভাপতি কানুৰাম শইকীয়াৰ সভাপতিত্বত আৰু জিলাৰ প্রাক্তন সভাপতি কমিৰাম বৰুৱাই এই সভা উদ্বোধন কৰে৷ কালিৰে পৰা মধুৰাম ডেকা ক্ষেত্রত অনুষ্ঠিত অধিৱেশনৰ আজিৰ মুকলি সভাতে নৰনাৰায়ণ চিলাৰায় বঁটা প্রদান কৰে জিলাৰ প্রাক্তন সম্পাদক তথা বিশিষ্ট শিক্ষাবিদ দীনেশ্বৰ হাজৰিকাক আৰু ধর্মনাৰায়ণ বঁটা প্রদান কৰে দৰং জিলাৰ প্রাক্তন সভাপতি জগত চন্দ্র হাজৰিকাক৷ দুয়োগৰাকী লোককে স্মাৰক, চেলেং, গামোচা, শৰাইৰে আদৰণি জনায়৷

You might also like