নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈশ মাৰাথন আৰু য়ামী গৌতমৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ-এআইইউডিএফ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা নৈশ মাৰাথনক লৈ বিধানসভাত সৰৱ হ’ল কংগ্ৰেছ আৰু এআইইউডিএফ । কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদমাধ্যমৰ আগত চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা গ’ল । য়ামী গৌতমে অসমীয়া গামোচাখন ল’বলৈ বিমানবন্দৰত অস্বীকাৰ কৰা প্ৰসংগ উল্লেখ কৰি এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰূপজ্যোতি কুৰ্মীয়ে । ইফালে, নৈশ মাৰাথন সম্পৰ্কত চৰকাৰ আৰু প্ৰশাসনে দায়সৰা মন্তব্য কৰাৰ বিষয়টো অসমত বৰ্তমান কি চলি আছে, চৰকাৰ আছেনে নাই বুলি কটাক্ষ কৰে মৰিয়নি বিধায়কগৰাকীয়ে ।

ইফালে, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামো সোচ্চাৰ হৈ পৰা দেখা গ’ল নৈশ মাৰাথন প্ৰসংগত । গুৱাহাটীবাসীক চাৰি-পাঁচঘণ্টা পণবন্দী কৰি অনুষ্ঠিত কৰা এই নৈশ মাৰাথনে সাধাৰণজনক জীয়াতু ভোগাইছে বুলি কয় বিধায়কগৰাকীয়ে । অনাগত এনেধৰণৰ হঠকাৰী সিদ্ধান্ত নল’বলৈও চৰকাৰ আহ্বান জনায় আমিনুল ইছলামে ।

You might also like