নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণতো বিজেপি

ভাৰতীয় জনতা পার্টীক সম্পূর্ণ ভাৰতৰ নহয়, দেশখনৰ হিন্দীবলয়ৰ ৰাজনৈতিক শক্তি বুলিহে বিৰোধীয়ে সময়ে সময়ে কটাক্ষ কৰে৷ অৱশ্যে ইয়াৰ কাৰণো নোহোৱা নহয়৷ দলটোক ক্ষমতালৈ অনা বা ননাৰ আচল সিদ্ধান্তটো উত্তৰ প্রদেশ, বিহাৰ, ছত্তিশগড, ঝাড়খণ্ড, মধ্যপ্রদেশ, ৰাজস্থানৰ জনসাধাৰণেহে লয়৷ ৰাজস্থানকো হিন্দীবলয়ৰ ৰাজ্য বুলিব পাৰি৷ আনহতে, হিন্দীবলয়ৰ নহ’লেও এইক্ষেত্রত গুজৰাট, মহাৰাষ্ট্রৰ জনসাধাৰণো বিজেপিৰ ত্রাণকর্তা৷ আজিৰ তাৰিখত গুজৰাটক বাদ দি বিজেপিৰ দুর্গৰ কথা পাতিবই নোৱাৰি৷ তথাপি পৰিসংখ্যা, ৰাজনৈতিক পৰিক্রমাৰ সাফল্য আদিলৈ চালে হিন্দীবলয়ৰ ৰাজ্যকেইখনহে বিজেপিৰ আচল শক্তি বুলি দ্বিধাহীনভাৱে ক’ব পাৰি৷ কোৱা হয়, ২০১৪ চন আৰু ২০১৯ চনৰ লোকসভা নির্বাচন বিজেপিৰ ৰাজনৈতিক পৰিক্রমাৰ সবাতোকৈ উজ্জ্বল সময়৷ দুয়োটা নির্বাচনে বিজেপিক এনে এটা ৰাজনৈতিক উচ্চতা প্রদান কৰিলে যে দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে দেশ শাসন কৰিম বুলি গভীৰ প্রত্যয়েৰে দাবী কৰিব পৰা হৈ পৰিল৷ অকল দাবী কৰিব পৰাই নহয়, পহিলা জুনত প্রচাৰিত এগজিট প’লৰ তথ্যই ইয়াক সত্য বুলিয়েই কৈ দিলে৷ কিন্তু সেই দুয়োটা নির্বাচনতো দেশৰ দক্ষিণত বিজেপি সফল হ’ব পৰা নাছিল৷ কেৰালা, তামিলনাডু, অন্ধ্রপ্রদেশ, তেলেংগানা আদি ৰাজ্যত প্রত্যয়ৰ বিজয় আজিও দলটোৰ বাবে এটা মধুৰ স্বপ্ণ হৈয়েই থাকিল৷ উত্তৰ–পূবৰো অসম, ত্রিপুৰা আৰু অৰুণাচলক বাদ দিলে বাকী ৰাজ্যকেইখনত বিজেপিয়ে মিত্রতাৰ ৰাজনীতিৰেহে নিজৰ অস্তিত্ব ৰক্ষা কৰি আছে৷ এটা অগ্রণী ৰাজনৈতিক দল হিচাপে অঞ্চলটোৰ ধৰাতলত বিজেপিৰ উপস্থিতি তেনেই সাধাৰণ৷ অথচ দুয়োটা নির্বাচনত বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব পৰাকৈ প্রয়োজনীয় সংখ্যক আসন লাভ কৰিছিল৷ ২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিৰ হাতলৈ ৩০৩টা লোকসভা সমষ্টি আহিছিল৷ ইমানকেইখন আসনত অকলে জয়লাভ কৰা সত্ত্বেও তাত দক্ষিণ, উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ অৰিহণা আছিল তেনেই সাধাৰণ৷ বিশ্বৰ সর্ববৃহৎ ৰাজনৈতিক দল হিচাপে বিজেপিৰ বাবে এই সীমাবদ্ধতাটো একধৰণৰ ব্যর্থতা৷ এইবেলিৰ লোকসভা নির্বাচনে বিজেপিৰ এই সীমাবদ্ধতাৰ পৰিধিটোক সংকুচিত কৰাৰ সম্ভাৱনা আছে৷ অন্ততঃ এগজিট প’লৰ তথ্যই তাকেই ক’ব বিচাৰিছে৷
এগজিট প’লৰ তথ্য অনুসৰি এইবাৰো ভাৰতীয় জনতা পার্টীক হিন্দীবলয়ৰ ৰাজ্যকেইখনে হিয়া উজাৰি ভোট দিছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ অথবা ইণ্ডি মিত্রজোঁটক শোকাৱহভাৱে নাকচ কৰিছে৷ ৰাজ্যকেইখনত থকা মুঠ ১৯৯খন আসনৰ ভিতৰত বিজেপিক ডেৰ শতাধিক আসন দিয়া হৈছে৷ মধ্যপ্রদেশত বিৰোধীক একপ্রকাৰ ধূলিত মিহলাই দিয়া হৈছে৷ দেশৰ ভিতৰতে সর্বাধিক লোকসভা সমষ্টি থকা উত্তৰ প্রদেশতো (৮০) ইণ্ডি মিত্রজোঁটক জনসাধাৰণে নাকচ কৰাৰ দৰেই হৈছে৷ ইয়াৰ বিপৰীতে পৰিসৰ সীমিত হ’লেও দক্ষিণৰ ৰাজ্যকেইখনত এইবাৰ বিজেপিৰ দুৱাৰমুখত ভাল ফলাফলে অপেক্ষা কৰি আছে বুলি ক’ব পৰা যায়৷ ইয়াৰ কৃতিত্ব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রাপ্য৷ বিজেপিক দক্ষিণলৈ নিয়াৰ বাবে তেওঁ বিগত ১০ বছৰত চেষ্টাৰ ত্রুটি কৰা নাছিল৷ বিশেষকৈ ৰাম মন্দিৰ নির্মাণৰ পৰা প্রাণ প্রতিষ্ঠালৈকে তেওঁ কেইবাবাৰো দক্ষিণলৈ গৈছে৷ প্রকাশ্যে সেই যাত্রা ৰাজনৈতিক নহ’লেও অন্তর্নিহিত লক্ষ্য এটা আছিল৷ এইবেলিৰ নির্বাচনটোৱে তাৰ সুফল দিয়া বুলি এগজিট প’লৰ প্রতিবেদনসমূহত প্রতিফলন হৈছে৷ ইমানদিনে দক্ষিণৰ যি দুখন ৰাজ্যৰ দুৱাৰ খোলাটো বিজেপিৰ বাবে অসম্ভৱ বুলি ধৰা হৈছিল এইবাৰ দলটোৱে একক শক্তিৰে ৰাজ্য দুখনত আসন লাভৰ সম্ভাৱনা জগাই তুলিছে৷ ৰাজ্য দুখন হৈছে – কেৰালা আৰু তামিলনাডু৷ কংগ্রেছশাসিত কর্ণাটকতো বিজেপিৰ বৰ বিশেষ ক্ষতি নোহোৱাৰেই ইংগিত আহিছে৷ টিডিপিৰ সৈতে নির্বাচনী মিত্রতাও বিজেপিৰ বাবে সুফলদায়ক হৈ পৰাৰ সম্ভাৱনা আছে৷ অন্ধ্রপ্রদেশত মিত্রজোঁট বৃহৎ সাফল্যৰ দিশে আগবাঢ়িছে৷ সাফল্যৰ অংশীদাৰ বিজেপিও হৈছে৷ ‘এবিপি–চি ভোটাৰ’ৰ সমীক্ষা মতে, তামিলনাডুত এনডিএৰ হাতলৈ এখন আসন আহিব পাৰে৷ নিউজ ১৮–ৰ এগজিট প’লে দক্ষিণৰ মূল ৰাজ্যখনত বিজেপিক ১–৩খন আসন দিছে৷ এক্সিছ মাই ইণ্ডিয়াৰ তথ্য অনুসৰি তামিলনাডুত বিজেপিয়ে পাব পাৰে ২–৪খন আসন৷ কেৰালাতো বিজেপিৰ বাবে ভাল খবৰ আছে৷ এক্সিছ মাই ইণ্ডিয়াই কৈছে যে তাত এইবাৰ বিজেপিয়ে দুখনৰ পৰা তিনিখন আসন পাব৷ নিউজ ১৮ৰ তথ্যত সংখ্যাটো ১–৩৷ ২০১৯ চনৰ লোকসভা নির্বাচনত কর্ণাটকৰ ২৮খন আসনৰ ভিতৰত বিজেপিৰ হাতলৈ যোৱা আসনৰ সংখ্যা আছিল ২৬৷ এইবাৰ ৰাজ্যখন কংগ্রেছৰ শাসনত আছে৷ তৎসত্ত্বেও দলটোৱে ২০ৰ পৰা ২২খন আসন লাভ কৰাৰ সম্ভাৱনা দেখুওৱা হৈছে৷ সিংহভাগ এগজিট প’লে তেলেংগানতো বিজেপিক সুখবৰ দিছে৷ তাত ৭–৯খনত জয়ী হোৱাৰ কথা কোৱা হৈছে৷ অকল সেয়াই নহয়, দক্ষিণৰ ৰাজ্যকেইখনত এইবাৰ বিজেপিৰ ভোটৰ হাৰো বাঢ়িব৷ অর্থাৎ দক্ষিণত লাহে লাহে খোপনি পুতিবলৈ ধৰিছে বিজেপি৷

You might also like