নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰৰ বাবে বার্ড ফ্লুত আক্রান্ত হৈ মানুহৰ মৃত্যু

🔹 উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

বিশেষ বাৰ্তা, ৭ জুন : প্রথমবাৰলৈ বার্ড ফ্লু বা পক্ষী জ্বৰত আক্রান্ত হৈ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি মেক্সিকোত এগৰাকী ৫৯ বছৰীয়া ব্যক্তি যোৱা এপ্রিল মাহত পক্ষী জ্বৰৰ দ্বাৰা আক্রান্ত হয়৷ ইয়াৰ কিছুদিনৰ ভিতৰতে ডায়েৰীয়া, শ্বাস–প্রশ্বাসত কষ্ট আৰু বমিৰ লক্ষণ দেখা দিয়ে ব্যক্তিগৰাকীৰ শৰীৰত৷ তিনি সপ্তাহ গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ পিছত যোৱা ২৪ এপ্রিলত এই ব্যক্তিগৰাকীৰ মৃত্যু হয়৷ পৰহি বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা সদৰী কৰা হয় যে মাত্র কিছুদিন পূর্বে মেক্সিকোত পক্ষী পামত এ (এইচ৫এন২) মাৰণ ভাইৰাছ বিয়পি পৰাৰ খবৰ পোৱা গৈছিল৷ লক্ষণীয়ভাৱে বিশ্বত প্রথমবাৰলৈ এই ভাইৰাছৰ সংক্রমণত মানুহৰ মৃত্যু হৈছে৷ প্রাথমিক পৰীক্ষাত এই ব্যক্তিগৰাকীৰ শৰীৰত অচিন জ্বৰৰ উপস্থিতি ধৰা পৰিছিল৷ পৰৱর্তী সময়ত অধিক উন্নত পৰীক্ষাগাৰত পৰীক্ষা কৰি এয়া এইচ৫এন২ প্রকৃতিৰ বার্ড ফ্লু বুলি নিশ্চিত কৰা হয়৷ লক্ষণীয়ভাৱে বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসা বিজ্ঞানীসকলে মেক্সিকোৰ এই ঘটনাৰ সৈতে আমেৰিকাৰ এইচ৫এন১ বার্ড ফ্লুৰ প্রাদুর্ভাৱৰ সৈতে কোনোধৰণৰ সম্পর্ক নাই বুলি দাবী কৰা হৈছে৷ মেক্সিকোৰ স্বাস্থ্য বিভাগে এক বিবৃতিত সদৰী কৰা অনুসৰি ব্যক্তিগৰাকীৰ দীর্ঘদিন ধৰি বৃক্কৰ সমস্যা, উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ সমস্যা আছিল৷ ২৪ এপ্রিলত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ব্যক্তিগৰাকীৰ৷ উল্লেখনীয় যে বার্ড ফ্লু ভাইৰাছৰ বাবে এই ব্যক্তিগৰাকীৰ শাৰীৰিক অৱস্থা অধিক শোচনীয় হৈ পৰিছিল৷ এতিয়া প্রশ্ণ উঠিছে- কেনেদৰে এই পক্ষী জ্বৰত আক্রান্ত হ’ল মেক্সিকোৰ লোকগৰাকী৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এয়া আশংকাজনক খবৰ বুলি উল্লেখ কৰিছে৷ কাৰণ যিকোনো বার্ড ফ্লুৱে মহামাৰীৰ সৃষ্টি কৰিব পাৰে৷

You might also like