নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বাধিক বেদখলকৃত বনভূমি; দ্বিতীয়ত অসম

নিয়মীয়া বার্তা, ৩ মার্চঃ ৰাজ্যৰ বনভূমিৰ এক সুবিশাল অঞ্চল এতিয়াও বেদখল হৈ আছে৷ মধ্যপ্রদেশৰ পাছত দেশৰ ভিতৰতে সর্বাধিক বেদখলকৃত বনভূমি আছে অসমত৷ ৰাজ্যসভাৰ মজিয়াত সোমবাৰে কেন্দ্রীয় বন আৰু পৰিৱেশ বিভাগৰ ৰাজ্য মন্ত্রী বাবুল সুপ্রিয়ই এই উদ্বেগজনক তথ্য প্রকাশ কৰে৷

সদনৰ প্রশ্নোত্তৰকালত তেওঁ আগবঢ়োৱা তথ্য অনুসৰি এই মুহূর্তত অসমত ৩,১৭,২১৫.৩৯ হেক্টৰ অর্থাৎ ৩,১৭১ বর্গকিলোমিটাৰ বনভূমি বেদখল হৈ আছে৷ মধ্যপ্রদেশৰ ৫,৩৪৭ বর্গকিলোমিটাৰ বনভূমি বেদখল হৈ আছে৷ মন্ত্রীগৰাকীয়ে আগবঢ়োৱা তথ্যত এই কথা প্রকাশ পাই যে গোৱা, পুডুচেৰী আৰু লাক্ষাদ্বীপৰ বনভূমিৰ বিন্দুমাত্রও বেদখল হোৱা নাই৷

You might also like