নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে ছ’চিয়েল মিডিয়া ত্যাগ কৰিব প্রধানমন্ত্রী মোদীয়ে

নিয়মীয়া বার্তা, ৩ মার্চঃ ছ’চিয়েল মিডিয়াত বিশ্বৰ ভিতৰতে সর্বাধিক প্রভাৱশালী ব্যক্তি হিচাপে পৰিচিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা দেওবাৰে ছ’চিয়েল মিডিয়া ত্যাগ কৰিব৷

টুইটাৰত তেওঁ সোমবাৰে এই কথা ঘোষণা কৰে৷ ‘এই দেওবাৰে মই ফেচবুক, টুইটাৰ, ইনষ্টাগ্রাম আৰু ইউটিউবত থকা ছ’চিয়েল মিডিয়াৰ একাউণ্ট ত্যাগ কৰাৰ কথা চিন্তা কৰিছোঁ৷’ –মোদীয়ে কয়৷

উল্লেখ্য যে টুইটাৰত এই মুহূর্তত মোদীৰ ৫৩.৩ মিলিয়ন আৰু ফেচবুকত ৪৪ মিলিয়ন ফল’ৱাৰ আছে৷ একেদৰে ৩০ মিলিয়ন ফল’ৱাৰেৰে মোদী হ’ল ইনষ্টাগ্রামত বিশ্বৰ সর্বাধিক ফল’ৱাৰ থকা নেতা৷

You might also like