দুর্নীতিৰে বিটিচি চৰকাৰ চলোৱা হাগ্রামাই কোকৰাঝাৰ চহৰখন কিনি পেলাইছে
নিয়মীয়া বার্তা, ৩ মার্চঃ বি টি চি নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ প্রস্তুতি তুংগত উঠাৰ সমান্তৰালভাৱে পৰস্পৰৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে৷ এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে নির্বাচনত যুঁজ দিবলৈ বিশেষ ৰণকৌশলেৰে ঠায়ে ঠায়ে নির্বাচনী কুচকাৱাজ চলাই ৰাইজক আকৃষ্ট কৰা পৰিলক্ষিত হৈছে৷
সোমবাৰে কোকৰাঝাৰ চহৰৰ মাৰোৱাৰী যুৱ মঞ্চৰ প্রেক্ষাগৃহত অনুষ্ঠিত দলীয় সভাত ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে বি পি এফৰ সভাপতি তথা বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে দুর্নীতি কৰি চৰকাৰ চলোৱা বুলি অভিযোগ কৰে৷ প্রমোদ বড়োৱে কয়– বি টি চিত দুর্নীতিৰে চৰকাৰ চলাই হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰ চহৰখনে কিনি পেলাইছে বুলি ক’লেও ভুল নহয়৷ এইবেলি ইউ পি পি এল দলে বি টি চিত চৰকাৰ গঠন কৰিব বুলি প্রমোদ বড়োৱে দাবী কৰে৷ সর্বসাধাৰণ ৰাইজে বি টি চিত পৰিৱর্তন বিচাৰিছে বুলি উল্লেখ কৰি অনাগত দিনত বি টি চি নির্বাচনৰ ৰণকৌশল হিচাপে ইউ পি পি এল দলে অহা ৯ মার্চৰ পৰা সকলো সমষ্টিত পৰিৱর্তনৰ বাবে সমদল উলিওৱা হ’ব বুলি জানিবলৈ দিয়ে প্রমোদ বড়োৱে৷ এই সভাতে এ বি এমছুৰ কোকৰাঝাৰ জিলাৰ প্রাক্তন সভাপতি, সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ বি টি চিৰ সাধাৰণ সম্পাদক, কংগ্রেছৰ জিলা উপ–সভাপতি মতিউৰ ৰহমানে আজি শতাধিক সমর্থকক লৈ ইউ পি পি এলত যোগদান কৰে৷ সভাত ইউ পি পি এলৰ নেতা, সদস্যৰ লগতে শতাধিক লোকে অংশগ্রহণ কৰে৷